৫ মাহৰ মূৰত আজি খোল খালে জীম
নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ অৱেশষত খোল খালে জীম। ক’ৰোনা ভাইৰাছৰ প্ৰকোপৰ বাবে চৰকাৰে লকডাউনৰ ব্য়ৱস্থা কৰাত অন্য বহু প্ৰতিষ্ঠানৰ দৰে বিগত ৫ মাহ ধৰি বন্ধ হৈ আছিল এই শৰীৰ চৰ্চা কেন্দ্ৰসমূহো।
দেশত আৰম্ভ হোৱা আনলক প্ৰক্ৰিয়াৰ আৰম্ভণিতে কিছু প্ৰতিষ্ঠান মুকলি কৰা হৈছিল যদিও শৰীৰ চৰ্চা কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল। ৰাজ্য় চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি শৰীৰ চৰ্চা কেন্দ্ৰসমূহ আজিৰ পৰা খোলাৰ অনুমতি দিয়াত বিভিন্ন অঞ্চলৰ জিমখানাসমূহ খুলিবলৈ লোৱা দেখা গৈছে।
বহুদিন ধৰি বন্ধ হৈ থকা এই কেন্দ্ৰসমূহ ইতিমধ্যে চাফ-চিকুণ কৰাৰ লগতে ছেনিটাইজ কৰি থকা দেখা গৈছে। উল্লেখ্য়, চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা ৰখাৰ লগতে ক’ৰোনাৰ প্ৰসংগত ল’বলগীয়া সাৱধানতা মানি চলিব লাগিব জীমসমূহে।