নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰৰ ভিতৰতে নির্বাচনৰ দাবী হাগ্রামা মহিলাৰীৰ

বিটিচিত ২৭ অক্টোবৰত উকলিব ৰাজ্যপালৰ শাসনৰ ছমাহ

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   ৰিভিউ কৰিব লাগিব বি টি আৰ চুক্তি৷ একো নাই বি টি আৰ চুক্তিত, বিগ জিৰো৷ চুক্তি ৰিভিউ নকৰিলে বিটিচি অঞ্চলৰ পৰিৱেশ বহুত বেয়া হ’ব৷ বিটিচি চৰকাৰ গঠন হোৱাৰ পাছতে সকলো দল–সংগঠনক লৈ আলোচনা কৰিব লাগিব৷ নির্বাচন গ’লেই আমি চৰকাৰৰ লগত আলোচনা কৰি সকলো ঠিক কৰিম৷ –এই মন্তব্য প্রকাশ কৰিছে হাগ্রামা মহিলাৰীয়ে৷ বি পি এফৰ মুখ্য কার্যালয়ত আজি অনুষ্ঠিত অডিটৰিয়াম মুকলি আৰু বি পি এফ দলত যোগদান শিবিৰ অনুষ্ঠানত হাগ্রামা মহিলাৰী উপস্থিত থাকি ‘হাগ্রামা অডিটৰিয়াম’ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে ইউ পি পি এলকে ধৰি বিভিন্ন দলৰ পৰা বি পি এফ দলত যোগদান কৰা শতাধিক নতুন সদস্যক আদৰণি জনাই নিজ ভাষণ প্রসংগত উক্ত মন্তব্য প্রকাশ কৰিছে৷ প্রমোদ বডোক ঠগবাজ আখ্যা দি প্রমোদ বডোৱে কাৰো কাৰণে কাম নকৰে বুলি মন্তব্য কৰিছে মহিলাৰীয়ে৷ বডোলেণ্ড আন্দোলনৰ নামত প্রমোদ বডোৱে বহুতক হাৰাশাস্তি কৰা বুলি অভিযোগ কৰি এন আৰ চিৰ সময়তো মুছলিম আৰু বেংগলী সম্প্রদায়ৰ বহুতৰে নাম কাটিবলৈ অভিযোগ দিছিল বুলি মন্তব্য কৰি আদিবাসী আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব নালাগে বুলি হৈ–চৈ কৰা প্রমোদ বডোক আদিবাসী, কোচ ৰাজবংশী, মুছলিম–বেংগলীয়ে সমর্থন কৰাৰ কোনো অর্থ নাই বুলি মন্তব্য কৰিছে মহিলাৰীয়ে৷ প্রমোদ বডোৱে সাংবাদিককো একো নিদিয়ে বৰং পাৰিলে ওলোটাইহে লোৱা মানুহ বুলি মন্তব্য কৰি প্রমোদ বডোক বিশ্বাস নকৰিবলৈ সকলোৰে প্রতি আহ্বান জনাইয়৷ আগন্তুক বিটিচি চৰকাৰ বি পি এফ দলেই গঠন কৰিব বুলি মন্তব্য কৰি বিটিচিত বি পি এফৰ বিকল্প নাই বুলি কয়৷ ইপিনে, অক্টোবৰ মাহতে যিহেতু ৰাজ্যপাল শাসনৰ অন্ত পৰিব, সেয়ে অক্টোবৰৰ ভিতৰতে বিটিচিৰ নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে মহিলাৰীয়ে৷ ৰাজ্যপাল শাসন আৰু ছয় মাহৰ বাবে ম্যাদ বৃদ্ধি হ’লে বিটিচি শেষ হৈ যাব বুলি মন্তব্য কৰি পুনৰ ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিকৰণৰ তীব্র বিৰোধিতা কৰিছে হাগ্রামা মহিলাৰীয়ে৷ উল্লেখ্য যে অহা ২৭ অক্টোবৰত বিটিচিত ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহ সম্পূর্ণ হ’ব৷ সেয়ে মহিলাৰীয়ে অক্টোবৰ মাহৰ ভিতৰতে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়৷ আনহাতে, আছু–এ জে ৱাই চি পিৰ উদ্যোগত নৱগঠিত দলক আদৰণি জনাই গণতন্ত্রত সকলোৰে দল–সংগঠন কৰাৰ অধিকাৰ আছে বুলি মন্তৱ্য কৰে মহিলাৰীয়ে৷

You might also like