নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলন কৰিব নাপালে হাগ্ৰামা মহিলাৰীৰ মৃগী বেমাৰ হ’ব- ৰাজু কুমাৰ নাৰ্জাৰী

🔴 গোৰেশ্বৰত ইউ পি পি এলৰ নাগৰিক সভা
নিয়মীয়া বাৰ্তা, ৮ জুলাই : বাক্সা জিলাৰ গোৰেশ্বৰত ইউ পি পি এলৰ নাগৰিক সভাত হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰা হয়। ‘আন্দোলন কৰিব নাপালে হাগ্ৰামা মহিলাৰীৰ মৃগী বেমাৰ হ’ব। ইউ পি পি এল দলত মদ খোৱা মানুহ নাই। প্ৰমোদ বড়োই জন্মৰ পৰাই গাহৰি নাখায়।’- এই বক্তব্য ইউ পি পি এল দলৰ কেন্দ্ৰীয় প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীৰ। গোৰেশ্বৰ ব্লক ইউ পি পি এলৰ উদ্যোগত কলাগুৰু বিষ্ণুৰাভা ভৱন, গোৰেশ্বৰত অনুষ্ঠিত নাগৰিক সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ইউ পি পি  এল দলৰ কেন্দ্ৰীয় প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে “হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক এক কিলোকৈ গাহৰি মাংস খায়”  বুলি কোৱা প্ৰসংগত হাগ্ৰামা মহিলাৰীক উভতি ধৰি ৰাজু নাৰ্জাৰীয়ে কয় যে ইউ পি পি এল দলত মদ খোৱা মানুহ নাই। প্ৰমোদ বড়োৱে জন্মৰ পৰাই গাহৰি মাংস নাখায়। হাগ্ৰামা মহিলাৰীয়ে নিজে মদ-ভাং খাই স্মাৰক-পত্ৰ দিয়ে আৰু নিচা কমিলে উঠাই লয়। তামুলপুৰ জিলা ইউ পি পি এলৰ প্ৰশাসনিক সম্পাদক জিতেন মুছাহাৰীয়ে আঁত ধৰা সভাখনত ৰাজু কুমাৰ নাৰ্জাৰীয়ে নতুন সমষ্টি নিৰ্ধাৰণ প্ৰসংগত নিজৰ বক্তব্যত কয় যে এতিয়া আন্দোলন কৰাৰ পৰিৱেশ নাই। আমি তিনিটা বিধানসভা সমষ্টি নতুনকৈ পাইছোঁ, আদৰণিহে  জনাব লাগে। ছাত্ৰ সংগঠন হিচাপে এবছুৰ আন্দোলন কৰাৰ অধিকাৰ আছে, কিন্তু বিপিএফ দলে আন্দোলন কৰাৰ যুক্তি নাই বুলি কেন্দ্ৰীয় নেতাগৰাকীয়ে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা মতে নৱঘোষিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ লগতে বি টি চিত ১৫টা বিধানসভা সমষ্টি আৰু ২টা লোকসভা সমষ্টি গঠনৰ সমৰ্থনত অনুষ্ঠিত হোৱা নাগৰিক সভাত উপস্থিত থাকি গোৰেশ্বৰ ৩০ নং পৰিষদীয় সমষ্টিৰ এম চি এল এ পবিত্ৰ কুমাৰ বড়োৱে নিজৰ ভাষণত কয় যে গোৰেশ্বৰ বিধানসভা সমষ্টি হিচাপে ঘোষণা হোৱাটো আমাৰ বাবে সৌভাগ্যৰ কথা। আমি সকলোৱে ইয়াক আদৰণি জনোৱা প্ৰয়োজন। বিগত হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত কোনো এম চি এল এ, ই এম, জি এমে কথা ক’ব পৰা নাছিল। সকলোৰে মুখ বন্ধ কৰি থৈ দিছিল। এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে কাম-কাজ কৰি আছে। আৰু সকলোৱে সম অধিকাৰ পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে পবিত্ৰ কুমাৰ বড়োৱে। সভাত তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়েও উপস্থিত থাকি নিজৰ চমু ভাষণত কয় যে হাগ্ৰামা মহিলাৰীৰ বিগত ১৭ বছৰীয়া শাসন কালত মানুহে কেনেদৰে জীৱন যাপন কৰিবলগীয়া হৈছিল, সেয়া সকলোৱে দেখিছে। কোনো মানুহে মুক্তমনে ঘূৰি ফুৰিব পৰা নাছিল। চাৰিওফালে কেৱল হত্যা, হিংসা, শোষণ-নিষ্পেষণ। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল চৰকাৰৰ মাত্ৰ দুবছৰীয়া কাৰ্যকালতে অশান্তিৰে জৰ্জৰিত বিটিচিত এতিয়া শান্তিৰ পৰিৱেশ। কেইবাশ দলীয়  কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় ইউ পি পি এলৰ মাইন’ৰিটী চেলৰ সাংগঠনিক সম্পাদক নজৰুল ইছলাম, কেন্দ্ৰীয় মহিলা মঞ্চ, ইউ পি পি এলৰ প্ৰশাসনিক সম্পাদিকা হেলেনা স্বৰ্গীয়াৰী , গোৰেশ্বৰ যুৱ ব্লক ইউ পি পি এলৰ সভাপতি সদানন্দ বড়োকে ধৰি আন কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।
প্ৰেৰক বিজয় ৰাজবংশী
You might also like