নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণৰ দাবীঃ গ্রেপ্তাৰৰ ভয়ত পলাই ফুৰিছে হাগ্রামা মহিলাৰী

বিটিআৰত দুর্নীতিৰ বিৰুদ্ধে নিয়া–চিবিআইৰ অভিযান

নিয়মীয়া বাৰ্তা ১ জুলাইঃ প্রাক্তন বিটিচিপ্রধান তথা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী নিয়া–চি বি আইৰ ভয়ত পলাই আছে৷ –এই মন্তব্য প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ৷ বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বৰাই সেই কথা প্রকাশ কৰি কয় যে সম্প্রতি কোকৰাঝাৰত নিয়া–চিবিআইৰ দলে বিটিচিৰ দুর্নীতি, অস্ত্রভাণ্ডাৰ সম্পর্কত তদন্তৰ বাবে উপস্থিত হৈছে৷ তাৰ বাবে বি পি এফৰ সভাপতি মহিলাৰী পলাই থাকিবলগীয়া হৈছে৷ বি পি এফৰ একাংশ নেতাৰ পৰা জানিব পৰা মতে, তেওঁলোক বর্তমান যথেষ্ট চাপত আছে, ব্লেকমেইলিং চলিছে৷ মহাজোঁটৰে বি পি এফৰ মিত্রতা ছেদৰ প্রসংগত সভাপতি বৰাই কয় যে আজিৰ তাৰিখত বি পি এফে অফিচিয়েলী মহাজোঁট ত্যাগ কৰা নাই৷

দলটোৰ ৰিহণ দৈমাৰী, প্রবীণ বড়ো, চন্দন ব্রহ্ম আদিয়ে কৰা মন্তব্য দৃষ্টিগোচৰ হৈছে৷ কিন্তু দলৰ সভাপতি হাগ্রামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে সেই কথা কোৱা নাই৷ সেয়ে নীতিগতভাৱে বি পি এফ মহাজোঁটত এতিয়াও আছে বুলি ভবা হৈছে৷ এই সম্পর্কত হাগ্রামা মহিলাৰীৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই বুলি জানিবলৈ দি কয় যে কোনোবাই যদি মহাজোঁটত অহাটো ভুল সিদ্ধান্ত বুলি উপলব্ধি কৰিছে, সেয়া তেওঁলোকৰ কথা৷ যদি বি পি এফ মহাজোঁটৰ পৰা আঁতৰি যায়, আসন্ন উপ–নির্বাচনত মৰিয়নিৰ লগতে গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিতো কংগ্রেছে প্রার্থিত্ব দিব৷ মৰিয়নি সমষ্টিটো কংগ্রেছৰ সমষ্টি বুলি উল্লেখ কৰি বৰাই কয় যে নির্বাচনত জিকিম বুলিয়েই যুঁজত অৱতীর্ণ হ’ব৷

এই প্রসংগতে সভাপতি বৰাই ৰূপজ্যোতি কুর্মীক কটাক্ষ কৰি কয় যে পূর্বতে কুর্মীয়ে বিজেপিয়ে মন্ত্রিত্ব দিলে গেৰুৱা দলটোত যোগদান কৰিব বুলি মন্তব্য কৰিছিল৷ তাৰ পাছত সেইজন কুর্মীয়েই সপোনত মাকক দেখাৰ কথা উল্লেখ কৰি কয় যে তেওঁ কংগ্রেছ ত্যাগ নকৰে, মাকে বাধা দিছে৷ কংগ্রেছ এৰি বিজেপিলৈ গ’লে তেওঁ হাৰামাজাদা, চুৱাৰৰ বাচ্ছা হ’ব বুলি নিজেই কৈছে৷ এতিয়া কুর্মীয়ে মাকৰ গাখীৰ খাই ডাঙৰ হৈছে, টেমাৰ গাখীৰ খাই ডাঙৰ হোৱা নাই বুলি কৈ মাককেই অপমান কৰিছে বুলি কটাক্ষ কৰে৷

ইপিনে ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ভৱেশ কলিতাৰ দায়িত্বভাৰ গ্রহণ অনুষ্ঠানত ভার্চুৱেল মাধ্যমেৰে অংশগ্রহণ কৰি দলটোৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই কংগ্রেছক ট্যুৰিষ্ট পলিটিকেল পার্টী বুলি অভিহিত কৰা কার্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ৰিপুণ বৰাই৷ এই সম্পর্কত বৰাই কয় যে অসম বিধানসভা নির্বাচনত কংগ্রেছ পৰাজিত হোৱা বাবে অসমত কংগ্রেছ দল যদি ট্যুৰিষ্ট পলিটিকেল পার্টী হয়, তেতিয়াহ’লে পশ্চিমবংগ–তামিলনাডু ধৰি যিবোৰ ৰাজ্যৰ নির্বাচনত বিজেপি পৰাজিত হৈছে, সেইবোৰ ৰাজ্যত বিজেপি ট্যুৰিষ্ট পলিটিকেল পার্টী হ’ব বুলি কটাক্ষ কৰে৷

ক’ভিডৰ দ্বিতীয় ঢ়ৌ সম্পর্কতো প্রধানমন্ত্রী নৰেন্দ্র মোদীক জগৰীয়া কৰি বৰাই কয় যে বিজ্ঞানী, স্বাস্থ্য বিজ্ঞানীয়ে ক’ভিডৰ দ্বিতীয় ঢ়ৌ আহিব বুলি বাৰম্বাৰ সকীয়নি দিয়াৰ পাছতো মোদীৰ অপৰিকল্পিত সিদ্ধান্তৰ বাবেই অক্সিজেন, হাস্পতাল, বিছনাৰ অভাৱৰ বাবেই দেশত হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিবলগীয়া হয়৷ ৰাজ্যখনত দৈনিক তিনি লাখ লোকক ক’ভিডৰ ভেকচিন দিম বুলি কোৱা চৰকাৰে ৯০০ মানুহকো ভেকচিন দিব পৰা নাই৷ বৰং ভেকচিনৰ অভাৱৰ বাবে ভেকচিন ল’বলৈ অহা মানুহৰ ঠেলা–হেঁচা হৈছে আৰু আৰক্ষীয়ে তেনে লোকৰ ওপৰত লাঠীচালনা কৰিছে৷ কংগ্রেছে পূর্বৰে পৰাই ভেকচিন সার্বজননীন কৰাৰ দাবীত আন্দোলন কৰি আহিছে৷
অসমত ভেকচিন প্রদানক লৈ অসন্তুষ্টি গৌৰৱ গগৈৰ
অসমত ক’ভিড ভেকচিন প্রদানক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে ৰাজ্যৰ কংগ্রেছ সাংসদ তথা লোকসভাৰ উপ–দলপতি গৌৰৱ গগৈয়ে৷ আজি এক বিবৃতিত গগৈয়ে কয় যে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি ক’ভিড–১৯ত ৰাজ্যখনত শূন্যৰ পৰা ১৮ বছৰৰ বয়সৰ শিশু–কিশোৰ সংক্রমণৰ বৃদ্ধিৰ হাৰ ৯৬.৬৭ শতাংশ হৈছেগৈ৷ প্রথমটো ঢ়ৌত ১৭,৪৫৭জন আক্রান্ত হোৱাৰ বিপৰীতে দ্বিতীয় ঢ়ৌত ৩৪,৩৩৩জন আক্রান্ত হৈছে৷ যোৱা ২১ জুনৰ পৰা ১০ দিনলৈ দৈনিক তিনি লাখকৈ লোকক ভেকচিন প্রদান কৰা হ’ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰে৷ কিন্তু প্রথম দুটা দিনত লক্ষ্যত উপনীত হোৱাৰ বাহিৰে বাকী দিনবোৰত দুই লাখৰ সংখ্যাই স্পর্শ কৰিবলৈ সক্ষম হোৱা নাই৷

আনকি ২৭ জুনত মাত্র ১০,৩৪৭ ড’জহে ভেকচিন প্রদান কৰে৷ ভেকচিন যোগানৰ নাটনিয়ে ভেকচিন প্রদান অভিযান ব্যাহত কৰিছে৷ কামৰূপ মহানগৰ জিলাত ভেকচিন প্রদান ২৫ হাজাৰৰ পৰা ১২ হাজাৰলৈ নিম্নগামী হৈছে৷ কাছাৰ, ডিব্রুগড়ৰ দৰে স্পর্শকাতৰ জিলাত ভেকচিন প্রদানৰ সংখ্যা ১৫ হাজাৰৰ পৰা ৭ হাজাৰলৈ হ্রাস পাইছে৷ বিবৃতিটোত সাংসদ গগৈয়ে আৰু কয় যে যোৱা ২৩ জুন পর্যন্ত ৰাজ্যখনৰ ভেকচিন পাবৰ যোগ্য লোকৰ ২২.১ শতাংশ লোকেহে ভেকচিন লাভ কৰিছে৷ ৰাষ্ট্রীয় গড় ২৬.১ শতাংশতকৈ ৪ শতাংশ কম লোকেহে ভেকচিন পাইছে৷ ২৯ জুনলৈ অসমত ৬০ বছৰৰ ঊর্ধ্বৰ ৪৫.২ শতাংশ লোকেহে ভেকচিন পাইছে৷ কিন্তু ৰাজস্থান, ত্রিপুৰা, হিমাচল প্রদেশত সেই বয়সৰ ৯৯ শতাংশ লোকক ভেকচিন দিয়া হৈছে৷ ক’ভিডত মৃত্যুৰ প্রসংগতো তেওঁ কয় যে ২৯ জুনত অসমত ক’ভিড সংক্রমণৰ সংখ্যা কমিছে যদিও মৃত্যুৰ সংখ্যা ৪২লৈ বৃদ্ধি হৈ মৃত্যুৰ ক্ষেত্রত ১০খন ৰাজ্যৰ ভিতৰত অসম শীর্ষত আছে৷

You might also like