হাগ্রামাৰ সংগ ত্যাগ কৰিলে বিধায়ক ইমানুৱেলে
নিয়মীয়া বাৰ্তা ৮ জুনঃ বড়োভূমিৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে হাগ্রামা মহিলাৰীৰ সংগ এৰিলে বি পি এফৰ জ্যেষ্ঠ নেতা তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে৷ দল ত্যাগৰ কথা স্পষ্ট কৰি বিধায়ক মোছাহাৰীয়ে তামুলপুৰৰ কুমাৰীকাটাত সংবাদ মাধ্যমৰ আগত কয়– ‘মই এতিয়া বি পি এফ দলত নাই৷’ বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীক প্রত্যক্ষভাৱে সমালোচনা নকৰিলেও তেওঁ দলৰ নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাইছে৷ বিধায়ক মোছাহাৰীয়ে স্পষ্টভাৱে কয়– ‘বর্তমান বি পি এফত মেৰু বিভাজন ঘটিছে৷ এতিয়া বি পি এফৰ বিৰুদ্ধে আন কোনো নাই, কেৱল বি পি এফ বনাম বি পি এফ৷ বি পি এফ দলৰ মাজত আৰম্ভ হৈছে গৃহকন্দল৷ দুই–তিনি বছৰ আগতে যিসকলে দল এৰি আন দললৈ ঢাপলি মেলিছিল, সেইসকলেই এতিয়া বি পি এফৰ চকুৰ মণি হৈ পৰিছে৷ এসময়ত যিসকলে বিটিচিপ্রধান হাগ্রামা মহিলাৰীক তথা নির্বাচনৰ প্রার্থীক সমালোচনা কৰিছিল, সেইসকলে বর্তমান বি পি এফ দলত উঠিৰজা–বহিৰজা হ’বলৈ সুবিধা পালে৷ এইক্ষেত্রত প্রকৃত বি পি এফ দলৰ নেতা–কর্মীয়ে যথেষ্ট দুখ পাইছে৷’ বিধায়ক মোছাহাৰীৰ অভিযোগ– ‘বিগত নির্বাচনত তামুলপুৰ জিলা বি পি এফৰ সভাপতি কেশৱ ৰাজবংশীয়ে অবডোৰ হৈ নির্বাচনী প্রচাৰ চলাইছিল আৰু বি পি এফৰ পৰা আঁতৰি আছিল৷ বর্তমান তেওঁ পুনৰ তামুলপুৰ জিলা বি পি এফৰ পদত অধিষ্ঠিত হৈছে৷ বি পি এফে কি সংবিধানৰ ওপৰত ভিত্তি কৰি পুনৰ ৰাজবংশীক তামুলপুৰ জিলা বি পি এফৰ পদত অধিষ্ঠিত কৰালে, তাক লৈও প্রশ্ণ উত্থাপন কৰে বিধায়ক মোছাহাৰীয়ে৷ বিধায়ক মোছাহাৰীয়ে ক্ষোভ প্রকাশ কৰি কয় যে নাগ্রীজুলি পৰিষদীয় সমষ্টিত ২০২০ৰ বিটিচি পৰিষদীয় নির্বাচনত বি পি এফৰ মিত্রদল বিজেপিৰ পৰা প্রার্থী দিয়া হৈছে৷ তেনে ক্ষেত্রত এটা সময়ত বি পি এফ দলৰ বিৰোধিতা কৰা ৰবীন্দ্র বিশ্বাসক বি পি এফ দলৰ পৰা কিয় সমর্থন জনোৱাৰ বাবে জিলা বি পি এফে উঠিপৰি লাগিছে৷ তেওঁ কয়– ‘মই বিধায়ক হোৱাৰ পাছত নাগ্রীজুলিত বি পি এফ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা হৈছিল৷ কিন্তু যোৱা পাঁচ বছৰত পাঁচবাৰকৈ দল সলোৱা তথা বি পি এফৰ কোনো সংবিধান নমনাকৈ কাম কৰা নেতা আৰু বিগত বিভিন্ন নির্বাচনত বি পি এফৰ বিৰুদ্ধে কাম কৰা নেতাক এতিয়া দলত আঁকোৱালি ল’ব খোজা কার্য নাগ্রীজুলি অঞ্চলৰ প্রকৃত বি পি এফৰ নেতাসকলে মানি ল’ব খোজা নাই আৰু সেয়ে তেওঁলোকে পর্যায়ক্রমে বি পি এফ দল ত্যাগ কৰি আছে আৰু প্রতি সপ্তাহত পর্যায়ক্রমে বি পি এফ দল ত্যাগ কৰি যাব৷’ বর্তমান নাগ্রীজুলিত বি পি এফৰ কার্যালয়টো বিজেপিৰ কার্যালয়লৈকে ৰূপান্তৰিত হৈছে বুলি উল্লেখ কৰি বিধায়ক মোছাহাৰীয়ে কয় যে বিধানসভা নির্বাচনত তেওঁ যেতিয়া তামুলপুৰত বি পি এফ দলৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিল, তেতিয়াও মুছলপুৰৰ পৰা বি পি এফ দলৰ লোকক আনি তেওঁৰ বিৰুদ্ধে নির্দলীয় প্রার্থী হিচাপে থিয় কৰোৱা হৈছিল৷ তেতিয়াও মূল বিষয় আছিল বি পি এফ ভার্ছেছ বি পি এফ৷ বিভিন্ন সংবাদ মাধ্যমত বিধায়ক মোছাহাৰীয়ে বিজেপিত যোগদান কৰা সন্দর্ভত প্রচাৰ চলিছে আৰু এই সন্দর্ভত তেওঁৰ স্থিতি কি বুলি সোধা এক প্রশ্ণৰ উত্তৰত মোছাহাৰীয়ে কয় যে এইক্ষেত্রত তেওঁ এতিয়াও একো সিদ্ধান্ত লোৱা নাই৷ উপযুক্ত সময়ত ৰাইজ আৰু সমর্থকৰ সৈতে আলোচনা কৰি নতুন দলত যোগদান সন্দর্ভত পৰৱর্তী সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ তেওঁ পুনৰ কয়– ‘মই ভৱিষ্যতে যিয়ে নকৰোঁ কিয়, মই বিটিচিৰ মংগলৰ বাবেই কাম কৰি যাম৷’ যিহেতু নির্বাচন গণতান্ত্রিক পদ্ধতি, গতিকে কোনে কাম কৰিছে, কোনে কাম কৰা নাই, তাৰ ওপৰত ৰাইজে দৃষ্টি ৰাখিব আৰু প্রতিনিধি ৰাইজেই র্নিাচন কৰিব বুলি বিধায়ক মোছাহাৰীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷