নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত আইছ’লেচন কক্ষৰ পৰা ওলাই আহিল ৪৫ ৰোগী

নিয়মীয়া বাৰ্তা ১০ জুনঃ একাংশ ক’ৰোনা ৰোগী আৰু বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা লোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবে ৰাজ্যত ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকাই দেখা দিছে৷ মঙলবাৰে হাইলাকান্দিত চিকিৎসালয়ৰ আইছ’লেচন কক্ষৰ পৰা ওলাই আহে ৪৫জনকৈ ক’ৰোনা ৰোগী৷ সঠিক খাদ্য যোগান নধৰাৰ অভিযোগ তুলি ক’ৰোনা ৰোগীকেইজনে চিকিৎসালয়খনত অপ্রীতিকৰ পৰিস্থিতিৰো সৃষ্টি কৰে৷ এই ঘটনা হাইলাকান্দি জিলাৰ এছ কে ৰয় অসামৰিক চিকিৎসালয়ৰ৷ এই চিকিৎসালয়খনত ৪৫জন ক’ভিড–১৯ সংক্রমিত লোক চিকিৎসাধীন হৈ আছিল৷ মঙলবাৰে পুৱা এই ৰোগীকেইজনে ভাল খাদ্য লাভ নকৰাৰ অভিযোগ তুলি আইছ’লেচন কক্ষৰ পৰা বাহিৰলৈ ওলাই আহি হুলস্থূল আৰম্ভ কৰে৷ আনকি ৰোগীকেইজনে হাস্পতালখনৰ কৰিড’ৰেৰে আহি সাধাৰণ ৰোগীৰ চিকিৎসা চলি থকা অ’ পি ডিতো প্রৱেশৰ চেষ্টা কৰে৷ ক’ৰোনা ৰোগীৰ এনে উদ্ভণ্ডালি দেখি চিকিৎসক–স্বাস্থ্য কৰ্মী চিকিৎসালয়ৰ পৰা পলায়ন কৰে৷ পৰিস্থিতি অধিক বেয়াৰ দিশলৈ ঢ়াল খোৱাত জিলা প্রশাসন আৰু আৰক্ষীৰ লোক এছ কে ৰয় অসামৰিক চিকিৎসালয়ত উপস্থিত হয়৷ পৰৱর্তী সময়ত চিকিৎসালয়খন ছেনিটাইজ কৰি ৰোগীসকলক পুনৰ ক’ভিড ৱার্ডলৈ প্রেৰণ কৰা হয়৷ আনহাতে, হাস্পতালত উদ্ভণ্ডালি কৰা ১৮জন ক’ৰোনা ৰোগীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে হাইলাকান্দি জিলা প্রশাসনে৷

You might also like