গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ওমৰাহ হজযাত্ৰীৰ মদিনালৈ যাত্ৰা
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ : আজি গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ জৰিয়তে ২৪জনকৈ ওমৰাহ হজযাত্ৰী মদিনালৈ যাত্ৰা কৰিছে। ৰাজ্যখনৰ নগাঁও, দৰং, কামৰূপ, গুৱাহাটী, হোজাই, বৰপেটা, হাজো আদি ঠাইৰ পৰা আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ জৰিয়তে এই ওমৰাহ হজযাত্ৰীসকলে যাত্ৰা কৰিছে । যাত্ৰা পথত ওমৰাহ হজযাত্ৰীসকলক ট্ৰেভেলচৰ তৰফৰ পৰা বিমানবন্দৰত ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত ট্ৰেভেলচৰ অধ্যক্ষ আলহাজ আব্দুল হাই, কাৰ্য্যনিৰ্বাহক সদস্য আলহাজ দেৱান নুৰ ইছলাম, গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক আলহাজ আব্দুল হামিদ, সাংবাদিক ছাইফুল ইছলাম, মফিদুল ইছলাম, জাবেদ আলী প্ৰমুখ্যে ভালেসংখ্যক সন্মানীয় ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখত ২৫জন আৰু ১৮ তাৰিখত ৪৫জন ওমৰাহ হজযাত্ৰী মক্কাত ওমৰাহ হজ পালন কৰি অসম লৈ উভতি আহিছে । ইফালে, ২০২২ চনৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নবেম্বৰ আৰু ডিচেম্বৰ মাহৰ বাবেও বুকিং চলি আছে বুলি ট্ৰেভেলচৰ মুখ্য সচিব আলহাজ মনিৰ উদ্দিনে মক্কাৰ পৰা জানিবলৈ দিয়ে ।
প্ৰেৰক মফিদুল ইছলাম