হাইলাকান্দিত অসম আৰক্ষীলৈ গুলী মিজো দুর্বৃত্তৰ
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ অসম–মিজোৰামৰ সীমা বিবাদক লৈ ৰাজনৈতিক আলোচনা অব্যাহত থকাৰ সময়তে পুনৰ উত্তপ্ত হৈ পৰিছে হাইলাকান্দিৰ দুয়োখন চুবুৰীয়া ৰাজ্যৰ সীমান্তৱর্তী অঞ্চল৷ মঙলবাৰে নিশা অসম–মিজোৰাম সীমান্তৰ সীমান্তৱর্তী অঞ্চলৰ হাইলাকান্দি জিলাত সংঘটিত দুয়ো চুবুৰীয়া ৰাজ্যৰ আৰক্ষীৰ মাজত হোৱা গুলীচালনাৰ ঘটনাই নতুন উত্তেজনা সৃষ্টি কৰিছে৷ উল্লেখ্য যে কাছাৰ জিলাৰ লাইলাপুৰত সংঘটিত সীমা বিবাদ সম্পর্কীয় সংঘাতত মিজো আৰক্ষীৰ গুলীত নিহত হৈছিল অসম আৰক্ষীৰ ৬জনকৈ জোৱান৷ এই ঘটনাৰ পাছতেই দুয়োখন ৰাজ্যৰ সীমা বিবাদ মীমাংসাৰ বাবে অনুষ্ঠিত হৈছিল মন্ত্রী পর্যায়ৰ বৈঠক৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ প্রত্যক্ষ নির্দেশত অনুষ্ঠিত এই বৈঠকত দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদ নিষ্পত্তি নোহোৱা পর্যন্ত সীমান্তত স্থিতাৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ বিবদমান সীমান্তত কেন্দ্রীয় গৃহ মন্ত্রালয়ে নিয়োগ কৰিছিল নিৰপেক্ষ বাহিনী অর্থাৎ কেন্দ্রীয় নিৰাপত্তাৰক্ষী৷ ইয়াৰ পাছতো এতিয়া চুবুৰীয়া দুয়ো ৰাজ্যৰ সীমা বিবাদে বিষয়টোক নতুন মোৰ দিয়া পৰিলক্ষিত হৈছে৷
প্রাপ্ত তথ্য অনুসৰি মঙলবাৰে নিশা দুই বজাত অসমৰ সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত দাৰাসিং পাহাৰত মিজোৰামৰ লোকৰ প্রৱেশক লৈ গুলীচালনা সংঘটিত হয়৷ অসম আৰক্ষীৰ এই গুলীচালনাত অনুপ্রৱেশকাৰী মিজো মহিলা আহত হয় বুলি জানিব পৰা গৈছে৷ এই ঘটনা সম্পর্কত হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে জনায়– ‘মঙলবাৰে নিশা দুই বজাত দাৰাসিং পাহাৰত কিছু মিজো লোকৰ প্রৱেশ প্রত্যক্ষ কৰে অসম আৰক্ষীয়ে৷ লগে লগে অসম আৰক্ষীয়ে তেওঁলোক কিয় অসম সীমান্ত অতিক্রমি প্রৱেশ কৰিছে সেই সম্পর্কত প্রশ্ণ শোধে৷ লগে লগে মিজোৰামৰ পাহাৰৰ পৰা গুলীবর্ষণ আৰম্ভ হয় আৰু অসম আৰক্ষীয়ে ১২ ৰাউণ্ড গুলী চলাই ইয়াৰ প্রত্যুত্তৰ দিয়ে৷ অসম আৰক্ষীৰ এনে স্থিতিত অনুপ্রৱেশকাৰীসকল পলাই যাবলৈ বাধ্য হয়৷ মাজনিশা সীমান্ত অতিক্রম কৰা লোকসকলৰ ওপৰত আমাৰ সন্দেহ হোৱা বাবেই বাধা দিয়া হৈছিল যদিও মিজোৰামৰ ফালৰ পৰা হোৱা গুলীচালনাৰ পাছত আমাৰ সন্দেহ বাস্তৱ প্রমাণিত হয়৷ তেওঁলোক ভাল উদ্দেশ্য লৈ অসমত প্রৱেশ কৰা নাছিল৷’
ইয়াৰ বিপৰীতে মিজোৰামৰ সংশ্লিষ্ট কলাছিব জিলাৰ আৰক্ষী অধীক্ষক ভানলালফাকা ৰাল্টেয়ে জনায় যে সীমান্ত অতিক্রম কৰা লোকসকল সম্পর্কীয় বন্ধুৰ ঘৰলৈহে গৈছিল৷ ইয়াৰ বিপৰীতে জিলাখনৰ উপায়ুক্ত এইচ লালথালাংলিয়ানাই আজি এক বিবৃতিযোগে সীমান্ত অতিক্রম নকৰিবলৈ মিজো লোকসকলৰ প্রতি আহ্বান জনায়৷ মিজোৰাম পক্ষৰ এনে স্থিতিৰ বিপৰীতে একাংশ লোকে সীমান্ত অতিক্রম কৰাৰ এই ঘটনা চুবুৰীয়া ৰাজ্যখনৰ আগ্রাসী স্থিতিৰে প্রতিফলন বুলি চর্চিত হৈছে৷ বিশেষকৈ দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদ সম্পর্কীয় আলোচনা অব্যাহত থকাৰ সময়তে আগ্রাসী মিজোৰ এনে ভূমিকা যথেষ্ট তাৎপর্যপূর্ণ বিবেচিত হৈছে৷