🔹 মাত্র ছমৰীয়া চক্রতে এনআৰচিৰ বৃহৎ কেলেংকাৰি উদঙালে প্রাক্তন সমন্বয়কে
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্ট : ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ক অলাগতিয়াল কাগজত পৰিণত কৰি অসমীয়া জাতিক চৰম প্রৱঞ্চনা কৰা আই এ এছ বিষয়া প্রতীক হাজেলাই বিদেশীক খিলঞ্জীয়া সজাইছিল৷ কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত ৬৪ হাজাৰ পূর্ববংগীয় মুছলমানক খিলঞ্জীয়া বুলি এনআৰচিত অন্তর্ভুক্ত কৰোৱাইছিল হাজেলাই৷ –এনআৰচিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক হাজেলাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ তুলিলে আন এজন প্রাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শর্মাই৷ এনআৰচিৰ চূড়ান্ত খচৰা প্রস্তুতৰ পিছতে মধ্যপ্রদেশৰ ভূপাললৈ ডেপুটেচনত গুচি যোৱা হাজেলাৰ স্বেচ্ছামূলক অৱসৰৰ আবেদন শেহতীয়াকৈ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে৷ মুখ্যতঃ ইয়াকে লৈ সৃষ্টি হৈছে মিশ্রিত প্রতিক্রিয়া ৷ এন আৰ চিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক হাজেলাৰ বিৰুদ্ধে দুর্নীতি নিবাৰক আৰু তদাৰকী কোষৰ লগতে অপৰাধ সংক্রান্তীয় দুটা গোচৰ ৰুজু হৈ আছে৷ এনে অৱস্থাত হাজেলাৰ স্বেচ্ছামূলক অৱসৰত জনোৱা অনুমোদনৰ প্রসংগত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত হিতেশ দেৱ শর্মাই হাজেলাক দেশদ্রোহী আখ্যা দি কয় যে ছমৰীয়াৰ ৬৪ হাজাৰ পূর্ববংগীয় মুছলমানক খিলঞ্জীয়া বুলি এনআৰচিত নাম অন্তর্ভুক্ত কৰোৱা হাজেলাই আন কেইবাখনো জিলাত সংঘটিত কৰিছিল ব্যাপক অনিয়ম ৷ বিশেষকৈ নগাঁও আৰু মৰিগাঁৱৰ বংশবৃক্ষ পৰীক্ষা কৰাৰ সময়ত বহু দিশত গুৰুত্বই নিদিলে হাজেলাই ৷ একাংশ সন্দেহজনক লোকৰ ছেম্পল কালেকচনৰ সময়তো প্রতীক হাজেলাই নাগৰিকত্বৰ বিষয়টো এৰাই চলাই নহয়, একাংশ সন্দেহযুক্ত বাংলাদেশীক খিলঞ্জীয়া সজাই এনআৰচিত নাম অনর্ভুক্ত কৰাৰ বাবে চলোৱা প্রচেষ্টাতো হাত উজান দিছিল হাজেলাই৷ কার্যতঃ ছমৰীয়াসদৃশ এক নেক্সাছ গঢ়ি তোলা হৈছিল ৷ উল্লেখ্য যে ১ আগষ্টৰ পৰা কার্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে প্রতীক হাজেলাৰ স্বেচ্ছামূলক অৱসৰত অনুমোদন জনাইছে যদিও আই এ এছ বিষয়াজনৰ পেন্সন এতিয়াই মুকলি কৰা নহয় ৷ হাজেলাৰ বিৰুদ্ধে থকা গোচৰৰ বিভাগীয় তদন্তৰ পিছতহে নিশ্চিত হ’ব তেওঁৰ ভাগ্য৷ হিতেশ দেৱ শর্মাই ইয়াকো উল্লেখ কৰে যে হাজেলাৰ দুর্নীতিৰ বিৰুদ্ধে চিআইডি আৰু দুর্নীতি নিবাৰক শাখাত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে৷ চিআইডিত দাখিল কৰা গোচৰটোত উত্থাপিত অভিযোগ মতে, হাজেলাই প্রায় ৮০ লাখ সন্দেহযুক্ত লোকক এনআৰচিত নাম অন্তর্ভুক্ত কৰিছে ৷ যদি হাজেলাৰ বিৰুদ্ধে সঠিক তদন্ত কৰে, তেন্তে বহু অনিয়ম পোহৰলৈ আহিব ৷ হাজেলাৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ তদন্তৰ আওতালৈ আহিব লাগে উইপ্র’, থার্ড পার্টী হিচাপে থকা উৎপল হাজৰিকা আৰু মধ্যভোগী হিচাপে থকা প্রলয় শীল ৷ এই তদন্ত আগুৱাই নিলে হাজেলাৰ সকলো অনিয়ম আৰু দুর্নীতি স্পষ্ট হৈ পৰিব৷ ইফালে, হাজেলাক ৰাজ্য চৰকাৰে স্বেচ্ছামূলক অৱসৰ দিয়াৰ পৰিৱর্তে নিলম্বন কৰিব লাগিছিল বুলি উল্লেখ কৰি হিতেশ দেৱ শর্মাই কয় যে নিলম্বন কৰিলে হাজেলাই হেড কোৱার্টাৰ এৰিব নোৱাৰিলেহেঁতেন আৰু তেওঁক বিচাৰিলেই তদন্তকাৰী দলে বিভিন্ন প্রশ্ণ কৰিব পাৰিলেহেঁতেন ৷ কিন্তু ভূপাললৈ গুচি যোৱাৰ পিছত প্রতীক হাজেলাৰ বিৰুদ্ধে থকা গোচৰৰ তদন্ত কেতিয়াও মসৃণ নহ’ব৷ হাজেলাৰ স্বেচ্ছামূলক অৱসৰক লৈ আছাম পাব্লিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মাই সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰে৷ অভিজিৎ শর্মাৰ সন্দেহ– প্রতীক হাজেলা বিদেশলৈ পলোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰিব লাগে৷ অসমীয়া জাতিক প্রতাৰণা কৰা, বহু টকাৰ দুর্নীতি কৰা প্রতীক হাজেলাৰ দৰে এজন লোকক স্বেচ্ছামূলক অৱসৰৰ জৰিয়তে অসমৰ প্রশাসনৰ পৰা আঁতৰাই দিয়াটো মংগলজনক হৈছে যদিও হাজেলাই যাতে বিদেশলৈ পলাব নোৱাৰে, তাৰ ব্যৱস্থা কৰাৰ প্রয়োজন৷