৪০ বিছনাযুক্ত আইচিইউ ৱার্ড–ক’ভিড ৱার্ড উন্মোচন ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ (এছ এম চি) আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৪০ কোটি টকা ব্যয় কৰা হ’ব৷ শিলচৰ মেডিকেলক ৫০০ বিছনাযুক্ত জৰুৰী হাস্পতাললৈ উন্নীত কৰা হ’ব৷ ইয়াৰ বাবে এছ এম চিৰ পুৰণি ভৱনসমূহ নতুনকৈ নির্মাণ কৰা হ’ব আৰু এখন ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ ৰূপান্তৰিত কৰা হ’ব৷ নতুন আন্তঃগাঁথনিৰ বাবে ৯৬.০৫ কোটি টকা ব্যয় কৰা হ’ব৷ এম বি বি এছ আসনৰ সংখ্যা ১০০ৰ পৰা ১৫০লৈ উন্নীত কৰাৰ বাবে ৪৫.৮৬ কোটি টকা ব্যয় কৰা হ’ব৷ –শনিবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত নৱনির্মিত আই চি ইউ ৱার্ড আৰু ক’ভিড কেয়াৰ ৱার্ড উদ্বোধন কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এনেদৰে কয়৷ তেওঁ কয়– অত্যাধুনিক আন্তঃগাঁথনিৰে এছ এম চিত যুক্ত হ’ব দ্বিতীয় স্তৰৰ কেঞ্চাৰ হাস্পতাল৷ ইয়াৰ বাবে আনুমানিক ১৩৩ কোটি টকা ব্যয় কৰা হ’ব৷
প্রধানমন্ত্রী কেয়াৰ ফাণ্ডৰ ধনেৰে অতি কম দিনতে শিলচৰ মেডিকেল কলেজ হাস্পতালত ৪০ বিছনাৰ আই চি ইউ ৱার্ড নির্মাণ কৰা হৈছে৷ অত্যাধুনিক আই চি ইউ ৱার্ডটোৰ বিছনা পৰৱর্তী সময়ত ১০০খনলৈ বৃদ্ধি কৰা হ’ব৷ দুই–তিনি মাহৰ ভিতৰত আৰু ৬০খন আই চি ইউ বেড স্থাপন কৰা হ’ব৷ মন্ত্রী ড০ শর্মাই কয়– বৰাক উপত্যকাত ক’ভিড–১৯ ৰোগ প্রতিৰোধৰ বাবে এই আই চি ইউ ৱার্ড অন্যতম সংযোজন৷ তেওঁ কয় যে বৰাক উপত্যকাত ক’ভিড পৰিস্থিতি কিছু শাম কাটিছে৷ বর্তমান ক’ভিড পজিটিভ ৰেট কৰিমগঞ্জত ২ শতাংশ, হাইলাকান্দিত ২ শতাংশ আৰু কাছাৰত ৮ শতাংশ৷ কাছাৰৰ পৰিস্থিতি কিছু গম্ভীৰ যদিও অহা কেইদিনমানৰ ভিতৰত পৰিস্থিতি উন্নত হ’ব৷ অহা দুবছৰৰ ভিতৰতে ৰাজ্যখনৰ বিভিন্ন জিলাত ১৫খন কেঞ্চাৰ হাস্পতাল নির্মাণ কৰা হ’ব৷ নতুন কেঞ্চাৰ হাস্পতালসমূহ টাটা ট্রাষ্ট, অসম চৰকাৰ আৰু অসম কেয়াৰ ফাউণ্ডেচনে পৰিচালনা কৰিব বুলিও তেওঁ কয়৷ মন্ত্রী ড০ শর্মাই লগতে কয় যে ১০০ বছৰ পুৰণি শিলচৰ চিভিল হাস্পতালখনৰ পুৰণি ভৱনসমূহ নতুনকৈ নির্মাণ কৰা হ’ব৷ চিভিল হাস্পতালক ৩০০ বিছনাযুক্ত হাস্পতাললৈ উন্নীত কৰা হ’ব আৰু ইয়াৰ বাবে ৪০ৰ পৰা ৫০ কোটি টকা খৰচ কৰা হ’ব৷ নতুন চিভিল হাস্পতালক এছ এম চিৰ এখন এনেক্সড হাস্পতাল কৰা হ’ব৷ পি জি শিক্ষার্থীয়ে চিভিল হাস্পতালত সেৱা প্রদান কৰিব লাগিব৷ অহা নৱেম্বৰ বা ডিচেম্বৰ মাহৰ ভিতৰত চিভিলৰ কাম–কাজ আৰম্ভ কৰা হ’ব৷
কাছাৰ জিলাৰ ৰাইজক ৰেপিড এণ্টিজেন পৰীক্ষা কৰাৰ বাবেও আহ্বান জনায় তেওঁ৷ জ্বৰ, কাহ, চর্দি, ডায়েৰীয়াৰ দৰে লক্ষণ দেখা পালে প্রাথমিক চিকিৎসাৰ বাবে হাস্পতালত ৰিপ’ট কৰিবলৈ আহ্বান জনায় তেওঁ৷ অনুষ্ঠানত শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক দিলীপ কুমাৰ পাল, বিধায়ক অমৰচান্দ জৈনসহ জিলাৰ সকলো বিধায়ক, সাংসদ, জিলা বিজেপিৰ কর্মকর্তা আৰু বিভাগীয় বিষয়া উপস্থিত আছিল৷ ইপিনে, মাদ্রাছা বন্ধ কৰাৰ সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ দাবীত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰে বৰাকৰ ইছলামিক চিন্তাবিদ আৰু মৌলবীসকলে৷ শনিবাৰে শিলচৰ আৱর্ত ভৱনত মন্ত্রীৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকে মাদ্রাছা বন্ধ কৰাৰ সিদ্ধান্ত প্রত্যাহাৰৰ দাবী জনায়৷ তেওঁলোকে মন্ত্রীগৰাকীক কয় যে মাদ্রাছাত কেৱল আৰবী শিক্ষা দিয়া নহয়৷ আৰবী শিক্ষাৰ লগতে সাধাৰণ শিক্ষা, নৈতিক শিক্ষা আৰু আচৰণ–নুষ্ঠানৰ শিক্ষাও দিয়া হয়৷
শিক্ষামন্ত্রীক তেওঁৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনায় উত্তৰ–পূব ভাৰতৰ নদওয়াতুত তামিৰৰ আমিৰে শ্বৰীয়ত মৌলানা ইউছুফ আলীয়ে৷ মন্ত্রীৰ সৈতে সাক্ষাৎ কৰি আহলে ছুন্নত ৱাল জামাত, জমিয়ত উলেমা হিন্দ আৰু নদওয়াতুত তামিৰ আদি সংগঠনৰ প্রতিনিধিয়ে সাংবাদিকক জনায় যে তেওঁলোকৰ দাবী সন্দর্ভত মন্ত্রীগৰাকীয়ে গুৰুত্ব দিছে৷ মন্ত্রীয়ে মাদ্রাছা বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ আগতে সংখ্যালঘু ধর্মীয়প্রধান আৰু নেতাৰ সৈতে আলোচনাত বহিব৷ প্রতিনিধি দলত আছিল উত্তৰ–পূর্বাঞ্চলৰ আহলে ছুন্নত ৱাল জামাতৰ মুখ্য উপদেষ্টা মৌলানা ছাৰিমুল হক লস্কৰ, জমিয়ত উলেমা হিন্দৰ মৌলানা মাহমদুল হাছান আদি৷