কাইলৈৰ পৰা ৰাজ্যিক কর্মচাৰীয়ে পাব মে’ মাহৰ দৰমহা
নিয়মীয়া বার্তা, ৩১ মে’: অহা সোমবাৰৰ পৰা ৰাজ্যিক কর্মচাৰীসকলে মে’ মাহৰ দৰমহা আৰু পেন্সন লাভ কৰিব৷ আজি বিত্ত বিভাগে কোষাগাৰসমূহলৈ প্রেৰণ কৰা এক তাঁৰবার্তাত (নং বি বি ১৮৯/২০১৬/১৩৬–এ) ৰাজ্যিক কর্মচাৰীৰ মে’ মাহৰ দৰমহা, মজুৰি, পেন্সনৰ বিল, চেক আদি অহা ১ জুনৰ পৰা পাছ কৰিবলৈ নির্দেশ দিয়া হৈছে৷
ইয়াৰ লগে লগে ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলে অহা সোমবাৰৰ পৰা মে’ মাহৰ দৰমহা, পেন্সন লাভ কৰাটো নিশ্চিত হৈ পৰিল৷ মন কৰিবলগীয়া এয়ে যে এই মে’ মাহতো ৰাজ্যিক কর্মচাৰীসকলক চৰকাৰে সম্পূর্ণ ৰূপত দৰমহা, পেন্সন আদায় দিব৷ যোৱা ২৮ মে’ত ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলক মে’ মাহৰ দৰমহা, পেন্সন সম্পূর্ণৰূপে আদায় দিব বুলি টুইটাৰযোগে প্রকাশ কৰিছিল৷