দুই–তিনি দিনৰ ভিতৰতে ৰাজ্যত বৃদ্ধি হ’ব ক’ৰোনা আক্রান্ত
নিয়মীয়া বাৰ্তা, ৩ জুনঃ লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল অসমলৈ উভতি অহাৰ পিছৰে পৰা ৰাজ্যখনত ভয়ংকৰ ৰূপত প্রতিদিনে বৃদ্ধি পাই আহিছে ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা৷ অৱশ্যে ব্যাপক ৰূপত ৰাজ্যখনত ক’ৰোনা পজিটিভ ৰোগী ওলালেও তেওঁলোক কোৱাৰেণ্টাইন কেন্দ্রত থকা অৱস্থাতে ৰোগ ধৰা পৰা বাবে সামাজিক সংক্রমণৰ আশংকাৰ পৰা অসম এতিয়াও মুক্ত হৈ আছে৷ পিছে একে সময়তে অধিক ভয়ংকৰ দিশটো হৈছে ৰাজ্যখনত আৰম্ভ হোৱা বানপানী৷ বানপানীৰ সময়ছোৱাত বান শিবিৰক লৈ সমানে চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বান শিবিৰসমূহতো এইবাৰ কেতবোৰ নীতি–নির্দেশনা দিব৷ মঙলবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰিছে৷
সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত মন্ত্রী ড০ শর্মাই কয় যে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে বান শিবিৰসমূহতো কিছু নীতি–নির্দেশনা মানি চলিব লাগিব৷ বান শিবিৰত কি কি নীতি–নির্দেশনা কেনেদৰে মানি চলিব লাগিব, সেই সম্পর্কত ৰাজ্য চৰকাৰে দুই–এদিনতে এছ’পি প্রকাশ কৰিব৷ উল্লেখ্য যে বান শিবিৰসমূহত স্বাভাৱিকতে সামাজিক দূৰত্ব অক্ষুণ্ণ নাথাকে৷ সাম্প্রতিক পৰিস্থিতিত পূর্বৰ দৰে বান শিবিৰসমূহ চলিলে তাৰ পৰাই ক’ভিড–১৯ৰ সংক্রমণ ব্যাপক হোৱাৰ আশংকা নাকচ কৰিব নোৱাৰি৷ সেয়ে চৰকাৰে বান শিবিৰসমূহতো এইবাৰ কিছু নীতি–নির্দেশনা দি এছ’পি প্রকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
ইপিনে, অহা দুই–তিনি দিনৰ ভিতৰত অসমত নতুনকৈ আৰু কিছু লোকৰ দেহত ক’ৰোনা পজিটিভ ওলোৱাৰ আশংকা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ এই সম্পর্কত মন্ত্রী ড০ শর্মাই কয় যে মুম্বাইত দাৰুল–উলুম আৰু নন্দদুৱাৰৰ পৰা তিনিখন বিশেষ ৰে’লযোগে হোজাই আৰু বৰাক উপত্যকালৈ যথেষ্টসংখ্যক লোক আহিছে৷ সেইসকল লোকৰ ছোৱাব টেষ্টৰ ৰিপ’ট কাইলৈ অথবা পৰহিলৈ আহিব৷ সেয়ে অহা দুই–তিনি দিনত ৰাজ্যখনত ক’ৰোনা পজিটিভত আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে৷ অৱশ্যে ইয়াৰ বাবে জনসাধাৰণ আতংকিত হোৱাৰ প্রয়োজন নাই৷ অসমত যিহেতু এতিয়ালৈ সামাজিক জীৱনত ক’ভিড–১৯ৰ সংক্রমণ হোৱা নাই, সেয়ে জনসাধাৰণে সাৱধানতা অৱলম্বন কৰিলেই ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰা ৰক্ষা পৰিব৷ এই সময়ছোৱাত ৰাইজক সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখা আৰু মাস্ক পৰিধান কৰিবলৈ তেওঁ আহ্বান জনায়৷ অহা ১৫ জুনলৈ অসমবাসীক সাৱধানে থকাৰ আহ্বান জনাই তেওঁ আৰু কয় যে তেতিয়ালৈ বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যাও কমি আহিব৷
ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হোৱাসকলৰ ভিতৰত ৯০ শতাংশই বহিঃৰাজ্যৰ পৰা অহাৰ বিষয়ে জানিবলৈ দি তেওঁ আৰু কয় যে পূর্বোত্তৰ ভাৰতৰ পৰা উভতি অহা লোকৰ মাজত যিমানসংখ্যক ক’ভিড–১৯ত আক্রান্ত হৈছে, তাতকৈ অধিক লোক আক্রান্ত হৈছে পশ্চিম ভাৰত আৰু দক্ষিণ ভাৰতৰ পৰা উভতি অহা লোকহে৷ আনহাতে এজন লোক ৭ দিন কোৱাৰেণ্টাইনত থকাৰ পিছত তেওঁৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিলেও ব্যক্তিজনৰ আনলৈ ৰোগ সংক্রমণৰ ক্ষমতা কমি অহাৰ বিষয়ে প্রকাশ কৰি তেওঁ কয় যে ৭ দিন পিছত সেই লোকজন ফেঁটীসাপৰ পৰা ঢোঁৰাসাপলৈ ৰূপান্তৰিত হয়৷ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ ৭ দিন পাৰ হ’লেই লোকজনে আনৰ শৰীৰলৈ ৰোগৰ সংক্রমণ ঘটাব নোৱাৰে৷ ইয়াৰ বাবেই হোম কোৱাৰেণ্টাইনত যোৱাৰ পিছত কোনো লোকৰ ছোৱাব টেষ্টৰ ফলাফল পজিটিভ আহিলে কেৱল সেই লোকজনকহে চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ আনহাতে আজি ৰাছিয়াৰ পৰা বিমানযোগে মাত্র ৩৬জন ব্যক্তিহে অসমলৈ আহিব বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই ৰাজ্যৰ স্বাস্থ্য বিভাগে তেওঁলোকক মেনেজ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷
ইপিনে, ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন অহা ৬ মাহৰ পৰা এবছৰৰ ভিতৰত সম্পূর্ণ হৈ উঠিব বুলি তেওঁ প্রকাশ কৰে৷ সেইদৰে তেজপুৰৰ ডিফেন্স ৰিছার্চ লেবৰেটৰীটো ক’ভিড–১৯ৰ পৰীক্ষাগাৰ হিচাপে ভাৰত চৰকাৰৰ ডিআৰডি’ৱে অনুমোদন দিছে৷ টুইটাৰযোগে মন্ত্রী ড০ শর্মাই প্রতিৰক্ষা মন্ত্রালয়ক ধন্যবাদ জ্ঞাপন কৰি কয় যে ইয়াৰ ফলত ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে অসমে চলাই অহা যুঁজখন শক্তিশালী হ’ব৷