ভাদ মাহৰ নাম–প্রসংগত সাৱধানতা অৱলম্বনৰ আহ্বান মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: ক’ভিড–১৯ৰ পৰিস্থিতিয়ে নমাই অনা ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ভাদ মাহত নাম–প্রসংগত আই–মাতৃসকলক সাৱধানতা অৱলম্বনৰ আহ্বান জনালে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে আজি এই প্রসংগত কয়– সমগ্র ভাদ মাহটোতে যিহেতুকে আই–মাতৃসকলে নাম–প্রসংগ কৰিব, গতিকে তেওঁলোকে ক’ৰোনাৰ নীতি–নিয়মসমূহ অনুকৰণ কৰিলে সুৰক্ষিত হৈ থাকিব৷
বিশেষকৈ সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধানত যাতে প্রতিগৰাকী আই–মাতৃয়ে সচেতন হয়, তাৰ প্রতি মই আহ্বান জনালোঁ৷ নামঘৰত ১৫গৰাকীতকৈ অধিক আই–মাতৃক সমৱেত নহ’বলৈ আহ্বান জনাই মন্ত্রীগৰাকীয়ে প্রতি পৰৱর্তী দিনত ১০গৰাকীকৈ আই–মাতৃক নাম গাবলৈ আহ্বান জনায়৷