এইচ ডি এফ চি বেংকৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত দুদিনীয়া মেগা লোন মেলাঃ নিয়মীয়া বাৰ্তাৰ সাংবাদিক মানস প্ৰতিম গগৈক সম্বৰ্ধনা
নিময়ীয়া বাৰ্তা, ১২ মেঃ এইচ ডি এফ চি বেঙ্ক মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত ২দিনীয়া মেগা লোন মেলা মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত আজি সম্পন্ন হয়। মাৰ্ঘেৰিটা এইচ ডি এফ চি বেঙ্কৰ শাখা প্ৰবন্ধক ধ্ৰিতিমান দত্তই সংবাদমাধ্যমক জানিবলৈ দিয়া অনুসৰি এই মেগা লোন মেলাত পাৰ্চনেল লোন, বিজনেছ লোন , গল্ড লোন, কাৰ লোন, লোন এগেইনষ্ট চিকিওৰিটিজ, কনজ্যুমাৰ লোন, টু হুইলাৰ লোন, লোন অন ক্ৰেডিট কাৰ্ড সহ আন বহুকেইটা বিভাগত এই মেগা লোন মেলাত গ্ৰাহকে সুবিধা গ্ৰহণ কৰে। এই উপলক্ষে আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুষ্ঠিত এখন সভাত মাৰ্ঘেৰিটাৰ সাংবাদিক মানস প্ৰতিম গগৈ আৰু যুৱ ব্যৱসায়ী কৰ্ণ গগৈক এইচ ডি এফ চি বেঙ্কৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি সাংবাদিক মানস প্ৰতিম গগৈয়ে ভাষণ প্ৰসংগত সমাজত বেঙ্কৰ গুৰুত্ব আৰু দেশৰ অৰ্থনীতি সৱল কৰাত এইচ ডি এফ চি বেঙ্কৰ ভূমিকাক শলাগ লোৱাৰ লগতে মফচল অঞ্চলৰ পৰা গ্ৰামাঞ্চলৰ সমাজকো এনে সুবিধা আগবঢ়ালৈ সু পৰামৰ্শ আগবঢ়ায়। উল্লেখ এই লোন মেলাৰ লগত সংগঠি ৰাখি স্থানীয় ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু চৰকাৰী বেচৰকাৰী কাৰ্য্যালয় সমূহতো বেঙ্কৰ প্ৰতিনিধি উপস্থিত হৈ এই লোন মেলা সন্দৰ্ভত অৱগত কৰে। অন্যহাতে কালি একেখনত মঞ্চতে মাৰ্ঘেৰিটা নগৰ সমিতিৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড কমিশনাৰ সত্য ৰঞ্জন বৰকাকতী আৰু যুৱ ব্যৱসায়ী চিৰঞ্জীৱ গগৈকো বেঙ্কৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।
প্ৰেৰক মানস প্ৰতিম গগৈ