যোগীঘোপাৰ নয়াগাঁৱত অচিনাক্ত বাহনৰ খুন্দাত নিহত দুই স্কুটী আৰোহীঃ আহত এক
নিয়মীয়া বাৰ্তা , ২৫ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত নয়াগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । অচিনাক্ত বাহনৰ খুন্দাত দুজন স্কুটী আৰোহী নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় । নিহত স্কুটী আৰোহী দুজন ক্ৰমে, দক্ষিণ খোৰাগাঁৱৰ কৃষ্ণ সূত্ৰধৰৰ পুত্ৰ অনুপম সূত্ৰধৰ(১৭), বাক্সাৰ জিলাৰ শালবাৰীৰ কাৰ্তিক সূত্ৰধৰ পুত্ৰ মৃদুল সূত্ৰধৰ(১৭) বুলি আৰক্ষী সূত্ৰে জনা গৈছে ।আনহাতে উক্ত দুৰ্ঘটনাত দক্ষিণ খোৰাগাঁৱৰ দীনদয়াল ৰাভাৰ পুত্ৰ হৰিপ্ৰসাদ ৰাভা(১৫) নামৰ আন এজন আৰোহী গুৰুতৰভাবে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ থকা বুলি জনা গৈছে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কালি নিশা প্ৰায় ১০:৩০ বজাত নয়াগাঁও শিৱমন্দিৰৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ১৯ পি ২১০৪ নম্বৰ এখন স্কুটিক অচিনাক্ত বাহন এখনে খুন্দা মাৰি পলায়ন কৰে ।ফলত স্কুটিখনত আৰোহী হিচাপে থকা তিনিজন কিশোৰ গুৰুতৰভাবে আহত হয় । স্থানীয় একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত আহত হৈ থকা তিনিজন কিশোৰক ৰাষ্ট্ৰীয় ঘাইপথত পৰি থকা প্ৰত্যক্ষ কৰি যোগীঘোপা আৰক্ষীক খবৰ দিয়ে ।খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ তিনিজন কিশোৰক উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।বঙাইগাঁও অসামৰিক চিকিৎসালয়লয়ত চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত অনুপম সূত্ৰধৰ আৰু কাৰ্তিক সূত্ৰধৰক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকে অনুপম সূত্ৰধৰ আৰু কাৰ্তিক সূত্ৰধৰক মৃত বুলি ঘোষণা কৰে ।আনহাতে দুৰ্ঘটনা হৰিপ্ৰসাদ ৰাভা গুৰুতৰভাবে আহত হৈ বৰ্তমান বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি জনা গৈছে । ইপিনে দুৰ্ঘটনা সংঘটিত কৰা অচিনাক্ত বাহন খনে উক্ত স্থানৰ পৰা পলায়ন কৰে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস