🔹 ৰাজ্যিক কেবিনেট : ৫ কোম্পানীয়ে ৰাজ্যত বিনিয়োগ কৰিব ২,৯৬৩ কোটি
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্ট : ৰাজ্যৰ প্রাথমিক শিক্ষকসকলৰ দাবীৰ প্রতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটৰ অন্তত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এখন সংবাদ মেলত সেই বিষয়ে সদৰী কৰি কয় যে ৰাজ্যৰ নিম্ন প্রাথমিক যিসমূহ বিদ্যালয়ত ১৫০ বা ততোধিক ছাত্র–ছাত্রী আছে, সেই বিদ্যালয়সমূহত একোজনকৈ প্রধান শিক্ষক নিয়োগৰ বাবে কালিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ প্রধান শিক্ষকৰ স্কেল পে’সহ বিদ্যালয়খনৰ জ্যেষ্ঠতম শিক্ষকজনক এই মান্যতা প্রদান কৰা হ’ব৷ ১৫০ বা ততোধিক ছাত্র–ছাত্রী থকা নিম্ন প্রাথমিক বিদ্যালয়ৰ বর্তমান সংখ্যা হৈছে ২৬০০খন৷ আনহাতে যিসমূহ বিদ্যালয়ত ১০০–১৪৯গৰাকী ছাত্র–ছাত্রী আছে, সেই বিদ্যালয়সমূহত প্রধান শিক্ষক নিয়োগ কৰা নহয় যদিও বিদ্যালয়খনৰ জ্যেষ্ঠতম শিক্ষকজনক ডিডিঅ’ৰ ক্ষমতা প্রদান কৰা হ’ব৷ লগতে মাহিলি ভাট্টা পূর্বৰ ৩০০ টকাৰ পৰিৱর্তে ৫০০ টকালৈ বৃদ্ধি কৰা হ’ব৷ সেইসকল ডিডিঅ’ই ওচৰতে কম ছাত্র–ছাত্রী থকা আন বিদ্যালয়ৰো ডিডিঅ’ হিচাপে কার্যনির্বাহ কৰিব৷ পূর্বতে নিম্ন প্রাথমিক বিদ্যালয়ৰ ডিডিঅ’ৰ দায়িত্বত আছিল বিইইঅ’সকল৷ সেইদৰে কেবিনেটে মাধ্যমিক শিক্ষক নিযুক্তিৰ ক্ষেত্রতো পূর্বৰ কিছু ব্যৱস্থাৰ সংশোধনী ঘটোৱাৰ উল্লেখ কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে মাধ্যমিক বিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিয়োগৰ ক্ষেত্রত পূর্বতে টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷ কেবিনেটে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিয়োগৰ ক্ষেত্রত টেট পৰীক্ষা সুকীয়াকৈ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ পৰিৱর্তে মাধ্যমিক পর্যায়ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিয়োগৰ ক্ষেত্রত পোনপটীয়া নিযুক্তিৰ বাবে একেলগে টেট কাম ৰিক্রুইটমেণ্ট পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ তদুপৰি যিমানসংখ্যক খালী পদ থাকিব সিমানসংখ্যককহে সেই পদৰ বাবে নির্বাচিত কৰা হ’ব৷ চৰকাৰী আৰু প্রাদেশীকৃত উভয় বিদ্যালয়ৰ ক্ষেত্রতে এই ব্যৱস্থা কার্যকৰী হ’ব৷ সেইদৰে কেবিনেটে চাহ বাগিচা অঞ্চলত স্থাপন কৰা ১১৬খন আদর্শ বিদ্যালয়ক চৰকাৰী বিদ্যালয় হিচাপে পৰিগণিত কৰি চৰকাৰী বিদ্যালয়ৰ সেৱাবিধি প্রযোজ্য কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে ইন্দ্রাণী কলেজ আৰু পলিটেকনিকসমূহৰ ক্ষেত্রতো পৰিচালনা সমিতি গঠনৰ বাবে কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ ইপিনে ৰাজ্য চৰকাৰৰ মুখপাত্র তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কালিৰ কেবিনেটে ৰাজ্যিক কর্মচাৰীসকলৰ বাবে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণৰ বিষয়ে সদৰী কৰি কয় যে অসম চৰকাৰৰ স্থায়ী কর্মচাৰীসকলক যান–বাহন ক্রয়ৰ বাবে ‘আপোন বাহন’ আঁচনিত অনুমোদন জনায়৷ এতিয়াৰে পৰা স্থায়ী ৰাজ্যিক কর্মচাৰীৰ পুৰুষে যান–বাহন ক্রয় কৰিলে বেংকৰ সুদৰ ক্ষেত্রত ২ শতাংশ ৰাজসাহায্য লাভ কৰিব৷ সেইদৰে মহিলা আৰু দিব্যাংগ কর্মচাৰীয়ে যান–বাহন ক্রয়ৰ ক্ষেত্রত বেংকৰ সুদৰ ৩ শতাংশ ৰাজসাহায্য লাভ কৰিব৷ ইলেক্ট্রনিক বাহন ক্রয় কৰিলে পুৰুষ কর্মচাৰীয়ে ৩ শতাংশ ৰাজসাহায্য লাভ কৰিব৷ কর্মচাৰীসকলৰ মাহিলি আয়ৰ ৪৮ শতাংশ অথবা ১৫ লাখ টকাৰ যিটো নিম্ন হ’ব, সেই নিৰিখত ঋণ ল’ব পাৰিব৷ সেইদৰে কেবিনেটে আন এটা গুৰুত্বপূর্ণ সিদ্ধান্তৰ জৰিয়তে ৰাজ্যিক তালিকাত অ’বিচি হিচাপে চিনাক্ত অথচ কেন্দ্রীয় তালিতাত অ’বিচি হিচাপে অন্তর্ভুক্ত নোহোৱা সম্প্রদায়সমূহকো কেন্দ্রীয় তালিকাতো অ’বিচি হিচাপে অন্তর্ভুক্ত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰলৈ প্রস্তাৱ প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে পর্যটন খণ্ডত নিয়োজিত হৈ থকা পর্যটন তথ্য বিষয়া আৰু সহকাৰী পর্যটন তথ্য বিষয়াসকলক এতিয়াৰে পৰা পর্যটন উন্নয়ন বিষয়া আৰু সহকাৰী পর্যটন উন্নয়ন বিষয়া হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইফালে সংবাদ মেলখনত উদ্যোগমন্ত্রী বিমল বৰাই কেবিনেটে ৰাজ্যৰ উদ্যোগ খণ্ডত ৫টা কোম্পানীয়ে নতুনকৈ ২,৯৬৩.১৫ কোটি টকা বিনিয়োগৰ প্রস্তাৱত অনুমোদন জনায়৷ অচিৰেই উক্ত ৫ কোম্পানীৰ সৈতে চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব৷ নতুনকৈ বিনিয়োগৰ বাবে আগবাঢ়ি অহা কোম্পানীকেইটা হৈছে লংস্পান ষ্ট্রাকচাৰ প্রাইভেট লিমিটেড, এছবিএল বিস্কুট প্রাইভেট লিমিটেড, কেশৰ পেট্র’ প্রডাক্টছ লিমিটেড, উমৰাংছু ইণ্ডিয়া চিমেণ্ট লিমিটেড আৰু জেইকো কেমিকেলী৷ লংস্পান ষ্ট্রাকচাৰ প্রাইভেট লিমিটেডে ১২৯ কোটি টকা বিনিয়োগ কৰিব আৰু ২০০জন প্রত্যক্ষভাৱে আৰু ১৮০জন পৰোক্ষভাৱে সংস্থাপিত হ’ব৷ এছবিএল বিস্কুট প্রাইভেট লিমিটেডে ১৩৯.১৫ কোটি টকা বিনিয়োগ কৰিব আৰু ইয়াত ২০০জনে প্রত্যক্ষভাৱে আৰু ৩৫০জনে পৰোক্ষভাৱে কর্মসংস্থাপন লাভ কৰিব৷ কেশৰ পেট্র’ প্রডাক্টছ লিমিটেডে ২০০০ কোটি টকা বিনিয়োগ কৰিব আৰু ২০০জনে প্রত্যক্ষভাৱে আৰু ১৮০০জনে পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব৷ উমৰাংছু ইণ্ডিয়া চিমেণ্ট লিমিটেডে ২৮৫ কোটি টকা বিনিয়োগ কৰিব আৰু ইয়াত ৩০০জনে প্রত্যক্ষভাৱে আৰু ৭০০জনে পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব৷ জেইকো কেমিকেলীয়ে ৪১০ কোটি টকা বিনিয়োগ কৰিব আৰু ইয়াত ৩০০জনে প্রত্যক্ষভাৱে আৰু ৫০০জনে পৰোক্ষভাৱে সংস্থাপিত হ’ব৷ উক্ত ৫টা কোম্পানীয়ে মুঠ ২৯৬৩.১৫ কোটি টকা বিনিয়োগ কৰিব আৰু তাৰ ফলত ১,২২০জনে প্রত্যক্ষভাৱে আৰু ৩,৫৩০জনে পৰোক্ষভাৱে সর্বমুঠ ৪,৭৫০জনে সংস্থাপন লাভ কৰিব৷ মন্ত্রী বৰাই আৰু কয় যে দুমাহ পূর্বে ৰাজ্যখনত আৰু কিছু কোম্পানীয়ে ৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিছিল৷ আগন্তুক দিনত আৰু অধিক বিনিয়োগকাৰী অহাৰ আশা ব্যক্ত কৰি তেওঁ কয় যে বর্তমান ৰাজ্য চৰকাৰে ঔদ্যোগিক নীতি কিছু শিথিল কৰাৰ পিছতে অসমত বিভিন্ন প্রান্তৰ পৰা বিনিয়োগকাৰী আহিবলৈ আৰম্ভ কৰিছে৷ সেইদৰে অসমৰ ক্রীড়া ক্ষেত্রতো কেবিনেটে এটা সুখবৰ কঢ়িয়াই আনিছে৷ উত্তৰ গুৱাহাটীত বিশ্বমানৰ বেডমিণ্টনৰ প্রশিক্ষণ কেন্দ্র স্থাপন হ’ব৷ অসম বেডমিণ্টন এছ’চিয়েচন আৰু ৰাজ্য চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ যৌথ প্রচেষ্টাত উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত হ’বলগীয়া এই বিশ্বমানৰ ষ্টেডিয়ামখন অহা ১১ আগষ্টত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিব৷ আনহাতে শ্রমিক কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণে জানিবলৈ দিয়া মতে কেবিনেটে ইএছআইচিত কর্মৰত ৫৯গৰাকী চিকিৎসকৰ দাবীৰ ভিত্তিত এতিয়াৰে পৰা তেওঁলোককো এনপিএ (নন প্রেক্টিচিং এলাউন্স) দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত কর্মৰত চিকিৎসকসকলে এনপিএ পাই আহিছে যদিও ইএছআইচিৰ চিকিৎসকসকলে সেই সুবিধা লাভ কৰা নাছিল৷ এতিয়াৰে পৰা আন চৰকাৰী চিকিৎসকৰ দৰে তেওঁলোকেও এনপিএ লাভ কৰিব৷