নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য বিভাগঃ ১৬৬ পদত অনুকম্পামূলক নিযুক্তি

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগত বুধবাৰে ১৬৬টা পদত অনুকম্পামূলক নিযুক্তি দিয়া হয়৷ কর্মৰত অৱস্থাতে মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালৰ নিকটাত্মীয়ক এই নিযুক্তি প্রদান কৰা হয়৷ জনতা ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই নিযুক্তি–পত্র বিতৰণ কৰে৷ মন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি স্বাস্থ্য সেৱা সঞ্চালকৰ অধীনত ১৬১টা আৰু স্বাস্থ্য সেৱা আৰু পৰিয়াল কল্যাণ সঞ্চালকৰ অধীনত ৫টা মুঠ ১৬৬টা পদত অনুকম্পামূলক নিযুক্তি প্রদান কৰা হৈছে৷ মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, ২০১৭ চনৰ ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ অনুকম্পামূলক পদত নিযুক্তি বন্ধ কৰি দিছে৷ সেই সময়ছোৱাৰ পৰা কর্মৰত অৱস্থাত কোনো বিষয়া–কর্মচাৰীয়ে মৃত্যুবৰণ কৰিলে তেওঁলোকৰ পৰিয়ালে কর্মচাৰীগৰাকীয়ে জীৱনকালত মাহে মাহে লাভ কৰিবলগীয়া দৰমহা সম্পূর্ণৰূপে লাভ কৰিব৷

You might also like