নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচত দুই আহত জোৱানৰ স্বাস্থ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ গুলীত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন হৈ থকা দুই জোৱানৰ স্বাস্থ্যৰ বুজ ল’লে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ কালি শিলচৰৰ পৰা এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে আনি জি এম চি এইচত ভর্তি কৰোৱা গোপেশ্বৰ সিন্হা আৰু অচিতকান্তি দাসৰ সৈতে তেওঁ মত বিনিময় কৰে৷ ইতিমধ্যে এই দুয়োজন আঘাতপ্রাপ্ত জোৱানক জি এম চি এইচত বিশেষজ্ঞ চিকিৎসকৰ অধীনত চিকিৎসা প্রদান কৰি থকা হৈছে৷

স্বাস্থ্যৰ বুজ লোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে বীৰ জোৱানকেইজনক পুনৰ সুস্থ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলো ধৰণৰ জৰুৰী চিকিৎসাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সিদ্ধান্ত লৈছে৷ তেওঁ মিজোৰাম সীমান্তত গুলীচালনাত আহত অসম আৰক্ষীৰ বিষয়া–জোৱানসকলৰ্ সাহস আৰু কর্তব্যনিষ্ঠাৰ শলাগ লয়৷ সমান্তৰালভাৱে কোনো কাৰণ নোহোৱাকৈ নিজৰ দেশৰ নাগৰিকক গুলীবর্ষণ কৰা ঘটনা দুর্ভাগ্যজনক আখ্যা দি মন্ত্রীগৰাকীয়ে কয় যে কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত এক উচিত সমাধান প্রদান কৰিব বুলি তেওঁলোক আশাবাদী৷

ইফালে স্বাস্থ্যমন্ত্রীগৰাকীৰ্ সৈতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুৎ বৈশ্য আৰু জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মা উপস্থিত থাকে৷ ইফালে আজি বিয়লি আন তিনিজন আহত জোৱানক শিলচৰৰ পৰা এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটীলৈ লৈ অহা হৈছে৷ সম্প্রতি জি এম চি এইচত ভর্তি হৈ থকা এই তিনিজন জোৱান হৈছে ক্রমে নগেন মেছ, দীপাংকৰ বৰা আৰু ৰামজী চৌহান৷

You might also like