Heat Wave- চলিত সপ্তাহতো প্রচণ্ড গৰমৰ পৰা সকাহ নাপাব ৰাজ্যবাসীয়ে
নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ শৰতৰ আগমনৰ লগে লগে স্বাভাৱিকতে বতৰৰ কিছু সালসলনি হোৱা পৰিলক্ষিত হয়৷ শৰৎ মানেই পৰিষ্কাৰ আকাশ, নির্মল বতাহ আৰু নিয়ৰৰ আচ্ছাদন৷ প্রচণ্ড গৰমৰ পৰা শৰতৰ আগমনৰ লগে লগে ক্রমাৎ সকাহ লাভ কৰে ৰাজ্যবাসীয়ে৷ হ্রাস পাবলৈ আৰম্ভ কৰে তাপমাত্রা৷ কিন্তু এইবাৰ ৰাজ্যত পৰিলক্ষিত হৈছে ইয়াৰ সম্পূর্ণ বিপৰীত এক ছবিহে৷ শৰৎ আগমনৰ পাছতো ৰাজ্যত হ্রাস পোৱা নাই তাপমাত্রা৷ বৰঞ্চ প্রচণ্ড গৰমে দহিছে ৰাজ্যবাসীক৷ বিগত কেইবাদিনো ধৰি প্রখৰ ৰ’দ আৰু উচ্চ তাপমাত্রাই ব্যাহত কৰি তুলিছে স্বাভাৱিক জীৱনযাত্রা৷ এই প্রচণ্ড গৰমৰ পৰা চলিত সপ্তাহতো সকাহ পোৱাৰ সম্ভাৱনা নাই ৰাজ্যবাসীয়ে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি ১৯ ছেপ্টেম্বৰলৈকে ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা ক্ষীণ৷ অর্থাৎ এই সপ্তাহতো প্রচণ্ড গৰমে ৰাজ্যবাসীক ব্যতিব্যস্ত কৰি তোলাৰ সম্ভাৱনাই অধিক৷
বুধবাৰৰ দিনটোত সর্বাধিক তাপমাত্রা গুৱাহাটীত ৩৫.৩ ডিগ্রী চেলছিয়াছ, ডিব্রুগড়ত ৩৭.৩ ডিগ্রী চেলছিয়াছ, তেজপুৰত ৩৬.৪ ডিগ্রী চেলছিয়াছ আৰু শিলচৰত ৩৬.৩ ডিগ্রী চেলছিয়াছ৷ বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি অহা ৭ দিনলৈকে ৰাজ্যত সর্বাধিক তাপমাত্রা ৩৫ ডিগ্রী চেলছিয়াছ পর্যন্ত অব্যাহত থাকিব৷ অৱশ্যে অহা ১৯ ছেপ্ঢেম্বৰলৈকে বতৰ সামান্য ডাৱৰীয়া হ’ব পাৰে৷ ২০ ছেপ্ঢেম্বৰ আৰু ২১ ছেপ্ঢেম্বৰতহে ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা প্রকাশ কৰিছে বতৰ বিজ্ঞানীয়ে৷
উল্লেখ্য যে বিগত কেইবাদিনো ধৰি ৰাজ্যত তাপমাত্রা স্বাভাৱিক পৰিমাণতকৈ কেইবাডিগ্রীও বৃদ্ধি পাইছে৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি যোৱা ১৩ ছেপ্টেম্বৰত সর্বাধিক তাপমাত্রাৰ স্বাভাৱিক পৰিমাণতকৈ ৫ ডিগ্রীৰ অধিক আছিল৷ সেইদৰে আন দিনসমূহতো তাপমাত্রা স্বাভাৱিক পৰিমাণতকৈ কেইবাডিগ্রীও অধিক হৈ থকা পৰিলক্ষিত হৈছে৷ সমান্তৰালতভাৱে ৰাজ্যত মৌচুমিয়ে বিদায় ল’লে যদিও পূর্বৰ তুলনাত ৰাজ্যত যথেষ্ট পৰিমাণে হ্রাস পাইছে বৰষুণৰ পৰিমাণ৷ প্রাপ্ত তথ্য অনুসৰি ২০১২, ২০১৪, ২০১৫, ২০১৭ আৰু ২০১৯ বর্ষত বৰষুণৰ পৰিমাণ স্বাভাৱিক আছিল৷ বিগত বর্ষটোত স্বাভাৱিক পৰিমাণতকৈ অধিক বৰষুণ হৈছিল ৰাজ্যত৷ ইয়াৰ বিপৰীতে এইবাৰ ৰাজ্যত ২১ শতাংশ পর্যন্ত বৰষুণৰ পৰিমাণ হ্রাস পাইছে৷ স্বাভাৱিকতে এই বছৰ ৰাজ্যত হ’বলগীয়া বৰষুণৰ পৰিমাণ আছিল ১,৫৪৪ মিলিলিটাৰ৷ কিন্তু এতিয়ালৈকে ৰাজ্যত হোৱা বৰষুণৰ পৰিমাণ হৈছে ১,২২১ মিলিলিটাৰ৷ অর্থাৎ বৰষুণৰ পৰিমাণ ৩২৩ মিলিলিটাৰ হ্রাস পাইছে৷
গুৱাহাটীতো বিগত বর্ষৰ তুলনাত হ্রাস পাইছে বৰষুণৰ পৰিমাণ৷ বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি চলিত বর্ষত গুৱাহাটীত মুঠ ৬৭৬.৩ মিলিলিটাৰ বৰষুণ হৈছে৷ কিন্তু স্বাভাৱিক গুৱাহাটীত হ’বলগীয়া পৰিমাণ আছিল ১,০৯৪ মিলিলিটাৰ৷ অর্থাৎ গুৱাহাটীত বার্ষিক বৰষুণৰ পৰিমাণ ৩৩ শতাংশ পর্যন্ত হ্রাস পাইছে৷ যাৰ প্রভাৱ সর্বত্র পৰিলক্ষিত হৈছে৷ বিশেষকৈ বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ ফলত ব্যাপক প্রভাৱ পৰিছে ৰাজ্যৰ কৃষি খণ্ডত৷ ৰাজ্যৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা খৰাংসদৃশ পৰিৱেশৰ ফলত এই বছৰ ধানৰ উৎপাদন হ্রাস পোৱাৰ আশংকা কৰা হৈছে৷ বৰষুণৰ মাত্রা কমি যোৱাৰ ফলত ইয়াৰ প্রভাৱ মৎস্য উৎপাদন ক্ষেত্রখনতো পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে বতৰৰ অস্বাভাৱিক পৰিৱর্তনৰ বাবে বৃদ্ধি পাইছে বিভিন্ন ৰোগত আক্রান্ত লোকৰ সংখ্যা৷ বিশেষকৈ জ্বৰ, চর্দি, কাহ, ডায়েৰীয়া আদি ৰোগত বহু লোক আক্রান্ত হৈছে৷ ইফালে, প্রচণ্ড গৰমে ৰাজ্যবাসীক দহি নিয়াৰ সময়তে সঘন লোডশ্বেডিঙে অতিষ্ঠ কৰি তুলিছে সাধাৰণ ৰাইজক৷ গ্রামাঞ্চলসমূহত ঘণ্টা ঘণ্টা ধৰি বিজুলী কর্তন কৰাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে লোকসকল৷ সেইদৰে চহৰ অঞ্চল আৰু গুৱাহাটী মহানগৰতো কম–বেছি পৰিমাণে লোডশ্বেডিঙৰ প্রভাৱ পৰিলক্ষিত হৈছে৷