নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিতৰতো বৰষুণ বাহিৰতো বৰষুণ, আমি কত পঢ়িমঃ দলগাঁৱত প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত বিদ্যালয়ৰ বিস্তৰ ক্ষতিঃ শিক্ষাৰ্থীৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ যোৱা ২৬ মাৰ্চত প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি কৰিছিল দলগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত। হঠাতে হোৱা বিধ্বংসী ধুমুহা-বৰষুণৰ ফলত বহু লোকৰ ঘৰ-বাৰী, অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ টিনপাত উৰুৱাই নিছিল ৷ উক্ত প্ৰচণ্ড ধুমুহাৰ তাণ্ডবত খাৰুপেটীয়াৰ অচিনতলা এম ই স্কুলৰ সৰহসংখ্যক টিনপাত উৰুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতি হয় শিক্ষানুষ্ঠান খনৰ । বৰষুণ ধুমুহাই নষ্ট কৰে কাৰ্যালয়ত থকা বহু নথি-পত্ৰ । বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ পিছৰে পৰা ব্যাহত হৈ পৰে পাঠদান । এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ লগতে দলগাও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অৱগত কৰা হয় যদিও বৰ্তমানলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। উল্লেখযোগ্য যে প্ৰায় সাতশ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনৰ সৰহ সংখ্যক শ্ৰেণী কোঠা আৰু কাৰ্যালয়ৰ টিনপাত কালৰূপী ধুমুহা জাকে উৰুৱাই নিয়াৰ ফলত বিমোৰত পৰিছে শিক্ষক-শিক্ষয়িত্ৰী-ছাত্ৰ ছাত্ৰীসকল । ইফালে বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত ফলত ব্যাহত হৈ পৰিছে দৈনন্দিক কাৰ্যসূচী । এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰী সকলে কয় – স্কুলৰ ভিতৰত গলেও বৰষুণ বাহিৰতো বৰষুণ , আমি কত পঢ়িম । আমাক পঢ়াৰ ব্যবস্থা কৰি দিয়ক সোনকালে । একেদৰে কাৰ্যালয়ৰ টিনপাতো উৰুৱাই নিয়াৰ ফলত শিক্ষক শিক্ষয়িত্ৰী সকলে বাৰাণ্ডাত বহি সমাপন কৰিবলগীয়া হৈছে বিদ্যালয়ৰ দৈনন্দিক কামকাজ । এঘাৰ দিন পূৰ্বে ধুমুহা বৰষুণে বিধ্বস্ত কৰা বিদ্যালয়খনৰ প্ৰায় সাতশ শিক্ষাৰ্থীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ কৰি বিহীত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ছাত্ৰ-ছাত্ৰী ও শিক্ষক শিক্ষয়িত্ৰী সকলে ।

প্ৰেৰক আব্দুচ ছামাদ

You might also like