নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাখণ্ডক নতুন মাত্রা প্রদানৰ লক্ষ্য : গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বিদ্যালয়ত মুখ্যমন্ত্রী ড০ শর্মাৰ পৰিদৰ্শন

বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ  ৰাজ্যৰ শিক্ষাখণ্ডক এক নতুন মাত্রা প্রদানৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে প্রায় ৫ হাজাৰ কোটি টকা ব্যয়ৰে সমগ্র ৰাজ্যৰ এহাজাৰখন শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিকে ধৰি শৈক্ষিক খণ্ডৰ বিকাশ সাধনৰ পদক্ষেপ গ্রহণ কৰিছে৷ আজি এই পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ মহানগৰীৰ ৫খনকৈ শিক্ষানুষ্ঠান পৰিদর্শন কৰি আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে আজি প্রথমে ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰ পিছত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদর্শন কৰে৷ উল্লেখ্য যে এই কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুখ্যমন্ত্রী ড০ শর্মাই শৈশৱত শিক্ষা গ্রহণ কৰিছিল৷ ইয়াৰ পিছত তেওঁ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয় আৰু শেষত গণেশগুৰিস্থিত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীয়ে এই প্রতিখন বিদ্যালয়ৰে সমগ্র চৌহদ আৰু ভৱনসমূহ পৰিদর্শন কৰি সেই শিক্ষানুষ্ঠান কেইখনৰ আন্তঃগাঁথনিৰ বর্তমানৰ অৱস্থা আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়৷ তেওঁ লগতে এই প্রতিখন শিক্ষানুষ্ঠানতে পর্যাপ্ত মুকলি ঠাই ৰাখি প্রেক্ষাগৃহ, নতুন শ্রেণীকোঠা আদি সন্নিৱিষ্ট কৰি নতুন আন্তঃগাঁথনি নির্মাণৰ নক্সা প্রস্তুত কৰিবলৈ লোকনির্মাণ বিভাগক নির্দেশ দিয়ে৷ বিদ্যালয়সমূহ পৰিদর্শনৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে ৰাজ্য চৰকাৰে গুৱাহাটীকে ধৰি সমগ্র অসমৰ এহাজাৰখন মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক নতুন দিনৰ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ লৈছে৷ উন্নত আন্তঃগাঁথনিৰে সমৃদ্ধ হবলগীয়া এনে প্রতিখন বিদ্যালয়ত পর্যাপ্ত শ্রেণীকোঠা, খেলপথাৰসহ সকলো সা–সুবিধা থাকিব৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে এই শিক্ষানুষ্ঠানসমূহৰ শ্রেণীকোঠাসমূহ একেটা স্থানতে নির্মাণ কৰি শিক্ষানুষ্ঠানসমূহৰ চৌহদত মুকলি ঠাইৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে৷ অৱশ্যে কোনো শিক্ষানুষ্ঠানৰ যদি ১০০ বছৰৰ অধিক পুৰণি ভৱন আছে আৰু বিদ্যালয় কর্তৃপক্ষই যদি তেনে ভৱন সংৰক্ষণ কৰিব বিচাৰে তেন্তে সেই ক্ষেত্রত চৰকাৰে সহায় কৰিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে ৰাজ্য চৰকাৰে প্রথম পর্যায়ত পৰীক্ষামূলকভাৱে গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া স্থানৰ ১০খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীত কৰাৰ পৰিকল্পনা লৈছে৷ এই শিক্ষানুষ্ঠানকেইখনৰ্ নির্মাণ সম্পূর্ণ হৈ উঠাৰ পিছত ৰাজ্যখনৰ প্রতিটো বিধানসভা সমষ্টিৰ ৮-৯খনকৈ বিদ্যালয় এই পদক্ষেপত অন্তর্ভূক্ত কৰি মুঠ এহাজাৰখন শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লোৱা হব৷ ২০২৬ চনৰ আগেয়ে এই এহাজাৰখন বিদ্যালয়ৰ নির্মাণৰ কাম শেষ হব নতুবা আৰম্ভ হব বুলি সদৰি কৰি তেওঁ কয় যে পৰৱর্তী ৫ বছৰত চৰকাৰে পুনৰ ২ হাজাৰখন শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি অনুৰূপ ধৰণে উন্নীত কৰাৰ পৰিকল্পনা লৈছে৷ এইদৰে এটা দশকৰ ভিতৰত ৰাজ্যত থকা এনে প্রায় ৪ হাজাৰ বিদ্যালয়ৰ প্রতিখনৰে আন্তঃগাঁথনি উন্নীত কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রীয়ে কয় যে এই এহাজাৰখন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণত প্রায় ৫ হাজাৰ কোটি টকা ব্যয় হব আৰু আগন্তুক ৩-৪ বছৰত এইটোৱে হব ৰাজ্য চৰকাৰৰ অন্যতম প্রধান কার্যসূচী৷ মুখ্যমন্ত্রীৰ পৰিদর্শন কালত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্ত, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, বিদ্যালয় শিক্ষা বিভাগৰ সচিব বিজয়া চৌধুৰী, সমগ্র শিক্ষা অভিযানৰ মিছন সঞ্চালক ওম প্রকাশৰ উপৰি শিক্ষা বিভাগ তথা লোকনির্মাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like