‘চিতাৰ জুইৰ সন্মুখত ক’ৰোনা জীয়াই নাথাকে’
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ক’ৰোনা আক্ৰান্তৰ মৃত্যুক লৈ এতিয়া একাংশ লোকৰ মাজত সংশয়ৰ সৃষ্টি হৈছে। শ্মশানত মৃতদেহ সৎকাৰ কৰাত বাধা আৰোপ কৰিছে কোনো কোনো গাঁবৰ লোকে। প্ৰতিবাদমুখৰ হৈ পৰিছে উত্তেজিত লোকসকল।
এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চিতাৰ জুইৰ সন্মুখত ক’ৰোনা জীয়াই নাথাকে। জুইৱে শৰীৰ পুৰি পেলোৱাৰ দৰে বীজাণু পুৰি পেলায়। পেট পোৱাৰ লগে লগেই এচিডে মাৰি পেলায় এই বীজাণুক। কবৰ দিলেও মাটিৰ তলৰ পৰা ওলাই আহিব নোৱাৰে ক’ৰোনা ভাইৰাছ। গতিকে কোনো বৈজ্ঞানিক ভিত্তি নোহোৱাকৈ এনে প্ৰতিবাদ কৰাৰ কোনো যুক্তি নাই বুলি সংবাদমেলত সদৰী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।