স্বাস্থ্যবিধি ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ নির্দেশ
ক’ভিডৰ দ্রুত সংক্রমণত উদ্বিগ্ণতা হাইক’টৰ
নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছতো মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলা কার্যত উদ্বিগ্ণতা প্রকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ সেয়েহে স্বাস্থ্য বিধি ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ প্রতিখন জিলাৰ আৰক্ষী অধীক্ষক (এছ পি) আৰু উপায়ুক্তক (ডি চি) নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ জ্যেষ্ঠ অধিবক্তা তন্ময়জ্যোতি মহন্তই দাখিল কৰা ৫৩/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে যোৱা ৮ আগষ্টত স্বাস্থ্য বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি স্বাস্থ্য বিধি ভংগ কৰা লোকৰ বিৰুদ্ধে জৰিমনা বিহিবলৈ কঠোৰ নির্দেশ দিছে৷ সেই অনুসৰি আৰক্ষী অধীক্ষক, উপ–আৰক্ষী অধীক্ষক আৰু বিভিন্ন আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলে ৰাজপথত সক্রিয়ভাৱে অভিযান চলাই স্বাস্থ্য বিভাগে দিয়া নির্দেশনা জনসাধাৰণে পালন কৰিছে নে নাই, সেয়া নিৰীক্ষণ কৰিব লাগিব৷ তদুপৰি স্বাস্থ্য বিধি ভংগকাৰীসকলক স্বাস্থ্য বিভাগে পূর্বে দিয়া নির্দেশনামর্মে জৰিমনা বিহিবলৈ বিচাৰপীঠখনে নির্দেশ দিছে৷ একে সময়তে জিলা উপায়ুক্তসকলক উচ্চ ন্যায়ালয়ে বিভিন্ন বিভাগৰ বিষয়াসকলক স্বাস্থ্য বিধি জনসাধাৰণে অনুসৰণ কৰিছে নে নাই, সেয়া পৰীক্ষা কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিছে৷ উল্লেখ্য যে ৰাজহুৱা স্বার্থজড়িত আবেদনখনত উল্লেখ কৰা অনুসৰি লকডাউনকে ধৰি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্রহণৰ পাছতো ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা৷ বিশেষকৈ মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলা বাবে ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি হোৱা বুলিও আশংকা কৰা হৈছে৷ সেয়েহে এইক্ষেত্রত উচ্চ ন্যায়ালয়ৰ নির্দেশনা বিচাৰি এই আবেদনখন দাখিল কৰা হৈছে৷ মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত অসাৱধানভাৱে একাংশ লোক ঘূৰি ফুৰা কার্যত শুনানিত দুখ প্রকাশ কৰে উচ্চ ন্যায়ালয়ে৷ এনে লোকক গৰিহণা দি বিচাৰপীঠখনে কয়– ‘বজাৰ অঞ্চল অথবা কর্মস্থলীত বহু লোকে নিজৰ স্বাস্থ্যৰ প্রতি যত্ন নোলোৱাকৈ সমৱেত হোৱা দেখা যায়৷ কোনো মানুহৰে নিজৰ জীৱন অথবা আনৰ স্বাস্থ্যৰ প্রতি ভাবুকি অনাৰ অধিকাৰ নাই৷ এনে কার্য প্রতিৰোধৰ বাবে বিভিন্ন আইন প্রণয়ন কৰা হৈছে৷ কিন্তু আইন ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা নোলোৱা বাবে আইন সম্পূর্ণৰূপে মানি চলা পৰিলক্ষিত নহয়৷’ বিচাৰপীঠখনে আবেদনখনৰ শুনানি গ্রহণ কৰি প্রদান কৰা নির্দেশনাসমূহ তাৎক্ষণিকভাৱে বলৱৎ কৰিবলৈ নির্দেশ দিয়ে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি স্বাস্থ্য বিধি ভংগ কৰা লোকৰ বিৰুদ্ধে প্রথম আৰু দ্বিতীয়বাৰৰ বাবে ৫০০ টকা আৰু তৃতীয়বাৰৰ বাবে ভংগ কৰিলে এহাজাৰ টকা জৰিমনা বিহিব পাৰে৷