নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওলমিল চাহ শ্রমিকৰ ৫০ টকা মজুৰি বৃদ্ধিৰ সিদ্ধান্ত

১৭ বাগিচাৰ কর্তৃপক্ষৰ হাইক’টত গোচৰ

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ  বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত চাহ মজদুৰসকলৰ মজুৰি অন্তর্ৱর্তীকালীনভাৱে পুনৰ ৫০ টকা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা জাননীক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ৷ এখন কেবিনেট বৈঠকৰ জৰিয়তে লোৱা সিদ্ধান্ত অনুসৰি মজুৰি বৃদ্ধিৰ বাবে জাৰি কৰা এই জাননী অবৈধ বুলি উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে ১৮খন চাহ বাগিচাৰ কর্তৃপক্ষই৷ ইণ্ডিয়ান টী এছ’চিয়েচন আৰু আন ১৭গৰাকী আবেদনকাৰীয়ে দাখিল কৰা ১৪৯১/২০২১ নম্বৰৰ লেখ আবেদনত উল্লেখ কৰা অনুসৰি যোৱা ২৩ ফেব্রুৱাৰীত ৰাজ্য চৰকাৰৰ শ্রম কল্যাণ বিভাগৰ প্রধান সচিবে জাৰি কৰা জাননীখন বেআইনী৷ তেওঁলোকে অভিযোগ কৰা অনুসৰি ৰাজ্য চৰকাৰে নূ্যনতম মজুৰি আইন ১৯৪৮ৰ ৫(১)(এ) ধাৰাৰ অধীনত চাহ মজদুৰসকলৰ মজুৰি বৃদ্ধি কৰিছে৷

কিন্তু একেখন আইনৰ অধীনত ৫(১)(এ) আৰু ৯নং ধাৰাৰ অধীনত ইয়াৰ বাবে কোনো কমিটী অথবা উপ–কমিটী গঠন কৰা হোৱা নাই৷ সেয়েহে এই মজুৰি বৃদ্ধি তেওঁলোকে বেআইনী বুলি উল্লেখ কৰিছে৷ এই গোচৰটো কালি অনুষ্ঠিত শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ অধিবক্তাই এই সন্দর্ভত নির্দেশনা লাভ কৰিবৰ বাবে সময় বিচাৰে৷ ইয়াৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমা বিচাৰপীঠে অহা ১৫ মার্চ পৰৱর্তী শুনানিৰ দিন ধার্য কৰে৷ একে সময়তে বিচাৰপীঠখনে পৰৱর্তী শুনানিৰ দিনটোলৈ যোৱা ২৩ ফেব্রুৱাৰীৰ জাননী অনুসৰি আবেদনকাৰীসকলৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ পদক্ষেপ গ্রহণ নকৰিবলৈ নির্দেশনা দিছে৷ ইয়াৰ লগে লগে চাহ মজদুৰসকলৰ দীর্ঘদিনীয়া দাবী পূৰণ নকৰিলেও ৫০ টকালৈ অন্তর্ৱর্তীকালীনভাৱে মজুৰি বৃদ্ধিৰ বিষয়টো আইনী মেৰপেঁচত সোমাই পৰিল৷ চাহ মজদুৰসকলে দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ বাবে দাবী জনাই আহিছে৷ ইয়াৰ বিপৰীতে বর্ধিত মজুৰিৰ বিৰোধিতা কৰি আহিছে বহুসংখ্যক ব্যক্তিগত চাহ বাগিচাই৷

You might also like