নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকটবঞ্চিতৰ প্রতিবাদত আজিও উত্তাল ৰাজীৱ ভৱন

গৌৰীপুৰ–বিলাসীপাৰা পূব–মানকাচৰ–লাম সমষ্টিত কংগ্রেছীৰ বিদ্রোহ

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ এইবাৰ নির্বাচনত বিজেপি মিত্রজোঁটক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্রেছ–এআইইউডিএফ– (এম)–চিপিআই (এমএল)–আঞ্চলিক গণমর্চা–আৰজেডি আদিয়ে একলগ হৈ মহাজোঁট গঠন কৰিছে৷ পিছে এই মহাজোঁট নির্বাচনী ৰণত অৱতীর্ণ হোৱাৰ পূর্বেই টিকট প্রদানক কেন্দ্র কৰি মহাসংকটৰ সন্মুখীন হৈছে৷ এআইইউডিএফ দলৰ সৈতে আসন বুজাবুজিক লৈ সৃষ্টি হোৱা জটিলতা এতিয়াও অব্যাহত আছে৷ আজমলৰ দলৰে মিত্রতা কৰাৰ ফলত কংগ্রেছৰ টিকটৰ পৰা বঞ্চিত হোৱা সমষ্টিসমূহৰ কংগ্রেছীৰ প্রতিবাদ আজিৰ দিনটোতো পৰিলক্ষিত হয়৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আজিৰ দিনটোত মানকাচৰ–গৌৰীপুৰ– পূব–জলেশ্বৰ–লামড্ সমষ্টিৰ একাংশ কংগ্রেছীয়ে আজি ভাগে ভাগে প্রতিবাদ সাব্যস্ত কৰে৷ মানকাচৰ সমষ্টিটোত এআইইউডিএফৰ পৰিৱর্তে কংগ্রেছক প্রার্থিত্বৰ দাবী জনাই আজি পুৱাৰ ভাগতে সমষ্টিটোৰ একাংশ কংগ্রেছীয়ে ৰাজীৱ ভৱনত প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ সেইদৰে গৌৰীপুৰ সমষ্টিত এআইইউডিএফৰ পৰিৱর্তে কংগ্রেছৰ আবুল মিঞাক আৰু বিলাসীপাৰা পূবত এআইইউডিএফৰ সলনি কংগ্রেছৰ অমিত বাদশ্বাহক প্রার্থিত্ব দিবলৈ সমষ্টি দুটাৰ একাংশ কংগ্রেছী ৰাজীৱ ভৱনত উপস্থিত হৈ প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ জলেশ্বৰ সমষ্টিতো কংগ্রেছৰ ছুফিয়া খাতুনক প্রার্থিত্ব দিয়াৰ দাবী জনায়৷ বিয়লিৰ ভাগত লামডিঙৰ একাংশ কংগ্রেছীয়ে ৰাজীৱ ভৱনত উপস্থিত হৈ এগৰাকী যোগ্য প্রার্থীক দলীয় টিকট দিয়াৰ দাবী জনায়৷

ইপিনে, শিৱসাগৰ সমষ্টিত দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হৈ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে আজি দলত্যাগ কৰে৷ এই সম্পর্কত তেওঁ সংবাদ মাধ্যমৰ আগত তীব্র উষ্মা প্রকাশ কৰি কয় যে ১৯৮৫ চনত যুৱ কংগ্রেছত যোগদান কৰি বিগত ৩৬ বছৰে দলৰ বিভিন্ন পর্যায়ত অতি সক্রিয়ভাৱে সেৱা আগবঢ়াই আহিছে৷ পূর্বৰ দৰে এইবাৰো তেওঁ শিৱসাগৰ সমষ্টিৰ সবল প্রার্থিত্বৰ দাবীদাৰ আছিল৷ কিন্তু তেওঁৰ পৰিৱর্তে দলে শুভমিত্র গগৈ নামৰ আন এগৰাকীক প্রার্থিত্ব প্রদান কৰে৷ সমষ্টিটোত ৰাইজৰ দলৰ প্রার্থী অখিল গগৈৰ বিজয়ৰ পথ প্রশস্ত কৰাৰ বাবেই কংগ্রেছে তেওঁৰ পৰিৱর্তে দুর্বল প্রার্থী থিয় কৰোৱাৰ অভিযোগ কৰাৰ লগতে সাংসদ গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া আৰু দলীয় প্রার্থী বাছনিৰ দায়িত্বত থকা এআইচিচিৰ চাৰিগৰাকী সম্পাদকক ক্ষুৰধাৰ সমালোচনা কৰে৷ গৌৰৱ গগৈয়ে ল’ৰাৰজাৰ ভূমিকা পালন কৰাৰ উল্লেখ কৰি কয় যে ল’ৰাৰজাই নিজৰ স্বার্থসিদ্ধিৰ বাবে বহুতৰে অংগক্ষত কৰাৰ দৰে গৌৰৱ গগৈয়েও বহুতৰে অংগক্ষত কৰিছে৷ সেইদৰে প্রদ্যুৎ বৰদলৈয়ে বাহিৰত যেনেধৰণৰ ভাবমূর্তি দাঙি ধৰিব বিচাৰে, ভিতৰত তাৰ ওলোটাতোহে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা মেৰুদণ্ডহীন৷ কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া হৈছে নিমাতী কইনা৷ অসমৰ প্রার্থী বাছনিৰ দায়িত্বত থকা এআইচিচিৰ চাৰি সম্পাদকে বীৰাৰ দৰে কাম কৰাৰ উল্লেখ কৰি তেওঁ কয় যে সম্পাদককেইগৰাকীয়ে টিকট দিয়াৰ নামত বহুতৰে পৰা ব্যাপক হাৰত ধন সংগ্রহ কৰিছে৷ কংগ্রেছত চলি থকা লবীকেন্দ্রিক ৰাজনীতিৰ বাবেই তেওঁ এইবাৰ টিকটৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল৷ সেইদৰে এইবাৰ তেজপুৰ বিধানসভা সমষ্টিৰ সবল প্রার্থিত্বৰ দাবীদাৰ প্রদেশ কংগ্রেছৰ আন এগৰাকী সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্য প্রার্থিত্বৰ পৰা বঞ্চিত হয়৷ টিকটৰ পৰা বঞ্চিত হৈ একপ্রকাৰ মানসিকভাৱে ভাগি পৰিছে ভট্টাচার্য৷ তেওঁ ফেচবুকত দিয়া এটা প’ষ্টতেই উল্লেখ কৰিছে সেই কথা৷ প’ষ্টত তেওঁ কয় যে সমাগত নির্বাচনত সুদীর্ঘ দিন দলৰ বিধায়ক নথকা তেজপুৰ বিধানসভা সমষ্টি পুনৰ উদ্ধাৰৰ লক্ষ্য লৈ অভিযান আৰম্ভ কৰি আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু দলৰ প্রার্থিত্ব বিচাৰি যোগ্য বিবেচিত নহ’ল৷ সেয়ে তেওঁ এতিয়া বাক্ৰুদ্ধ৷ নিজৰ আত্মবিশ্বাস, আদর্শ আজি অপ্রাসংগিক হৈ পৰিল৷ মানসিকভাৱে ভাগি পৰাসকলক ইমানদিনে আশ্বস্ত কৰি অহা তেওঁ এতিয়া নির্বাক, উত্তৰবিহীন৷ ইফালে, কংগ্রেছৰ দৰে একেই অৱস্থা হৈছে এআইইউডিএফতো৷

মানকাচৰ, অভয়াপুৰী দক্ষিণ সমষ্টিৰ লগতে মৰিগাঁও জিলাৰ এআইইউডিএফৰ নেতা–কর্মীসকল আসন বুজাপৰাক লৈ সাংঘাতিক ধৰণে ক্ষোভত ফাটি পৰিছে৷ তেওঁলোকৰ সেই ক্ষোভ বদৰুদ্দিন আজমলকে ধৰি দলৰ নেতাসকলৰ বিৰুদ্ধে মুকলিকৈ প্রকাশ কৰিছে৷ আনকি সেই অঞ্চলসমূহত আজমলৰ প্রৱেশ নিষিদ্ধ ঘোষণা কৰিছে৷ এআইইউডিএফৰ ভিতৰত চলা সেই ক্ষোভ, অসন্তুষ্টিৰ বহিঃপ্রকাশ ঘটিছে দলটোৰ নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ ক্ষেত্রতো৷

নাওবৈচা সমষ্টিটো এইবাৰ এআইইউডিএফে কংগ্রেছক এৰি দিছে৷ ইয়াতেই ক্ষুণ্ণ হৈ পৰা বিধায়ক চৌধুৰীয়ে আজি ফেচবুক প’ষ্টত কয় যে আজি প্রথম পর্যায়ৰ নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন৷ নির্দলীয় হিচাপে তেওঁ নির্বাচনত অৱতীর্ণ নহয়৷ তেওঁ এইবাৰ নাওবৈচা সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব বিচাৰিছিল, কিন্তু দিয়া নহ’ল৷ পাঁচটাকৈ সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা খেলিলে মিত্রতা নাভাঙে৷ কিন্তু তেওঁ নাওবৈচাত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা আগবঢ়ালে মিত্রতা ভাঙিব৷ কি আজব কাৰবাৰ৷ ৰাজনৈতিকভাৱে তেওঁৰ ডিঙি চেপাতকৈ শাৰীৰিকভাৱেই কাটিব লাগিছিল৷ গভীৰ ক্ষোভেৰে তেওঁ কয় যে মিত্রতাৰ ডাটাবেজ ক্লাৰিকেল কামখিনি তেৱেঁই কৰি দিছিল৷ এতিয়া তেওঁ শ্বেইক্সপীয়েৰৰ ‘ব্রুটাছ তুমিও’ সংলাপটো আজীৱন কঢ়িয়াই লৈ ফুৰিব৷ আনহাতে মৰিগাঁৱৰ আসনখন কংগ্রেছে চিপিআইক এৰি দিয়াত সমষ্টিটোত কংগ্রেছৰ খহনীয়া আৰম্ভ হৈছে৷ আজি জিলা কংগ্রেছৰ সাধাৰণ সম্পাদককে ধৰি ২১গৰাকী নেতাই কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে৷
মৰিগাঁও জিলা কংগ্রেছত ২১ নেতাৰ পদত্যাগ, বিজেপিত যোগদান
মৰিগাঁও সমষ্টিৰ কংগ্রেছ নেতা–কর্মীসকলৰ উপর্যুপৰি দাবী আৰু প্রতিবাদক নেওচি সমষ্টিটোৰ কংগ্রেছে মহাজোঁটৰ অংশীদাৰ দল চিপিআইক অর্পণ কৰে৷ এই কার্যত ক্ষুণ্ণ হৈ আজি জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক নিপুণ বৰা আৰু প্রদেশ কংগ্রেছৰ সদস্য গীৰেন্দ্র কুমাৰ হাজৰিকাৰ নেতৃত্বত ২১গৰাকী নেতাই কংগ্রেছ ত্যাগ কৰে৷ দলৰ পৰা পদত্যাগ কৰিয়েই মৰিগাঁও জিলাৰ সাংবাদিক সংস্থাৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত পদত্যাগী নেতাসকলৰ হৈ নিপুণ বৰাই কয় যে প্রদেশ কংগ্রেছৰ নেতৃত্ব বর্তমান স্বেচ্ছাচাৰী হৈ পৰিছে৷ জিলা কংগ্রেছৰ সভানেত্রী জোনজোনালী বৰুৱাক কোনো কাৰণ নোহোৱাকৈয়ে তিৱা পৰিষদ নির্বাচনৰ মনোনয়ন দাখিলৰ দিনা পদচ্যুত কৰি দলক দুর্বল কৰি পেলালে৷ আজি পদত্যাগ কৰা নেতাসকলৰ ভিতৰত দুলাল হাজৰিকা, পূর্ণকান্ত মহন্ত, উৎপল বৰা, মণিমুগ্ধ বৰভূঞা, বিদ্যুৎ ডেকা, কিৰণ ডেকা, কিশোৰ বৰুৱা, ডিম্বেশ্বৰ বৰুৱা, ৰাহুল সিংহ, ভক্ত বৰুৱা, বিদ্যুৎ দলৈ, নৱপ্রতিম ডেকা, তপন বৰা, বগাৰাম দাস, পৱিত্র বৰা আদিও আছে৷ সন্ধিয়াৰ ভাগত সেই ২১গৰাকী কংগ্রেছ নেতাই স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰ বাসভৱনত উপস্থিত হৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্রবীণ মেধিৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত তেওঁলোকে বিজেপিৰ সদস্যপদ গ্রহণ কৰে আৰু বিধায়ক দেউৰীয়ে আটাইকেইগৰাকী নেতাক গামোচা আৰু গেৰুৱা টুপি পিন্ধাই দললৈ উষ্ম আদৰণি জনায়৷ কাইলৈ তেওঁলোকে ৰমাকান্ত দেউৰীৰ মনোনয়ন দাখিলৰ সময়ত সমদলত অংশগ্রহণ কৰিব বুলি প্রকাশ কৰে৷
গোৱালপাৰাত বিধায়ক এ কে ৰছিদ আলমৰ প্রতিকৃতি দাহ, গ’ বেক ধ্বনি
সমাগত বিধানসভা নির্বাচনত গোৱালপাৰা পূব সমষ্টিত বর্তমানৰ কংগ্রেছৰ বিধায়ক এ কে ৰছিদ আলমৰ প্রার্থিত্বৰ বিৰোধিতা কৰি আজি সমষ্টিটোৰ কোদালধোৱাত স্থানীয় নেতা–কর্মীসকলে বিধায়কগৰাকীৰ প্রতিকৃতি দাহ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ কংগ্রেছ নেতা–কর্মীসকলে এ কে ৰছিদ মুর্দাবাদ, এ কে ৰছিদ হটাও কংগ্রেছ বচাও, এ কে ৰছিদ হায় হায়, এ কে ৰছিদ গ’ বেক, বিগত পাঁচ বছৰে তাৰা হেণ্ডপাম্প বহুওৱাৰ নামত কোটি কোটি টকা লুণ্ঠন কৰা এ কে ৰছিদ লেইলেই–ছেইছেই, কমিছন খোৱা বিধায়ক এ কে ৰছিদৰ কাম নাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ তৃণমূল কর্মীৰ দাবীক অগ্রাহ্য কৰি আলমক কংগ্রেছৰ প্রার্থিত্ব প্রদান কৰিলে পৰাজয় নিশ্চিত বুলিও তেওঁলোকে দাবী কৰে৷
ধনৰ বিনিময়ত অভয়াপুৰী দক্ষিণ সমষ্টি কংগ্রেছক বিক্রীৰ অভিযোগ এআইইউডিএফৰ  কেন্দ্রীয় উপ–সভাপতিসহ বঙাইগাঁও জিলা সমিতিৰ সমূহীয়া পদত্যাগৰ হুংকাৰ
তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া বঙাইগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টি এআইইউডিএফে কংগ্রেছক এৰি দিয়াটো নিশ্চিত হোৱাত ক্ষোভত ফাটি পৰিছে এআইইউডিএফৰ কেন্দ্রীয় উপ–সভাপতি মুফ্তি আব্দুল হকৰ লগতে বঙাইগাঁও জিলা কমিটীৰ নেতা–কর্মীসকল৷ ৩৫নং অভয়াপুৰী দক্ষিণ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিটো বর্তমান এআইইউডিএফৰ বিধায়ক অনন্ত কুমাৰ মালোৰ দখলত থকা সত্ত্বেও দলে কংগ্রেছক এৰি দিয়াত তৃণমূল পর্যায়ৰ নেতা–কর্মীসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ যোগীঘোপাৰ বালাপাৰা ৰাজহুৱা খেলপথাৰত কালি সন্ধিয়া এআইইউডিএফৰ কেন্দ্রীয় কমিটীৰ উপ–সভাপতি মুফ্তি আব্দুল হকৰ নেতৃত্বত দুই শতাধিক নেতা–কর্মী একত্রিত হৈ এখন বৈঠক অনুষ্ঠিত কৰি সমূহীয়াভাৱে দলত্যাগ কৰাৰ হুংকাৰ দিয়ে৷ অভয়াপুৰী দক্ষিণ আৰু অভয়াপুৰী উত্তৰ সমষ্টি দুটা কংগ্রেছক এৰি দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰি উপ–সভাপতি হকৰ লগতে বঙাইগাঁও জিলা সমিতি, মহিলা মর্চা, যুৱ মর্চা, ছাত্র মর্চা, সমষ্টি সমিতি, আঞ্চলিক সমিতিসমূহে সমূহীয়াভাৱে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণৰ লগতে এআইইউডিএফ মুর্দাবাদ, বদৰুদ্দিন আজমল গ’ বেক, বছিৰ কাছিমীৰ দালালি নচলিব, দালাল আমিনুল হক মুর্দাবাদ, কৰিমুদ্দিন বৰভূঞা মুর্দাবাদ, এআইইউডিএফৰ নেতা হুচিয়াৰ আদি শ্লোগান দিয়ে৷ দলৰ কেন্দ্রীয় যুৱ মর্চাৰ সদস্য একলব্য চক্রৱর্তীয়ে এআইইউডিএফক সাম্প্রদায়িক আখ্যা দি কয় যে বদৰুদ্দিন আজমলক ধর্মীয় নেতা বুলি ভাবিছিলোঁ৷ প্রতিটো জাতি–জনগোষ্ঠীৰ নেতা বুলি ভবা আজমলক শ্রদ্ধা কৰিছিলোঁ৷ কিন্তু তেওঁ সেই শ্রদ্ধাৰ পাত্র আজি হৈ থকা নাই৷ তেওঁ আজি প্রতিটো জাতি–জনগোষ্ঠীৰ শত্রু৷ অভয়াপুৰী দক্ষিণ সমষ্টিত এগৰাকী হিন্দু সম্প্রদায়ৰ প্রার্থী দিবলৈ আজমলৰ সামর্থ্য নাই৷ দলটোৰ একাংশ শীর্ষনেতাই কংগ্রেছৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ অভয়াপুৰী দক্ষিণ সমষ্টিটো কংগ্রেছৰ হাতত বিক্রী কৰা বুলিও গুৰুতৰ অভিযোগ কৰে৷
গণ মর্চাক সমষ্টি এৰি দিলে সমূহীয়া পদত্যাগৰ হুংকাৰ দিছপুৰৰ কংগ্রেছ কর্মীৰ
ৰাজ্যৰ অন্যতম গুৰুত্বপূর্ণ সমষ্টি দিছপুৰ সমষ্টিটো কংগ্রেছে মিত্রদল আঞ্চলিক গণ মর্চাক এৰি দিব বুলি চর্চা লাভ কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে সমষ্টিটোৰ কংগ্রেছ কর্মীসকল৷ এই সমষ্টিটো অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মঞ্চক এৰি দিলে সমূহ কংগ্রেছ কর্মীয়ে পদত্যাগ কৰিব বুলি হুংকাৰ দিছে৷ আজি দিছপুৰ প্রেছ ক্লাবত বেলতলা, দিছপুৰ, ডিমৰীয়া আৰু নুনমাটি ব্লক কংগ্রেছৰ সভাপতিয়ে এখন যৌথ সংবাদ মেল সম্বোধন কৰি কয় যে দিছপুৰ সমষ্টিৰ কংগ্রেছ কর্মীসকলে কোনো কাৰণতে গণ মর্চাৰ প্রার্থীক মানি নলয়৷ আঞ্চলিক গণ মঞ্চৰ প্রার্থী প্রদান কৰিলে সমষ্টিটোৰ কংগ্রেছ কর্মীসকলে সহযোগ নকৰে বুলি উল্লেখ কৰি দিছপুৰ ব্লক কংগ্রেছৰ সভাপতি ডিম্বেশ্বৰ নাথে কয়– ‘অসমৰ ভিতৰতে এটা অত্যন্ত গুৰুত্বপূর্ণ আৰু বৃহৎ সমষ্টি হৈছে দিছপুৰ৷ এই সমষ্টিটোত ভোটাৰৰ সংখ্যা হৈছে ৪,০৬,৫৫৬টা৷

আনহাতে, ভোটকেন্দ্রৰ সংখ্যা হৈছে ৬০৭টা৷ এই সমষ্টিটোত ৫০ হাজাৰতকৈ অধিক কংগ্রেছ কর্মী আছে৷ বিগত বিধানসভা নির্বাচনত কংগ্রেছ প্রার্থীয়ে প্রায় ৭০ হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই সমষ্টিটো সন্দর্ভত নিখিল ভাৰত কংগ্রেছ কমিটীয়ে আমাৰ পৰা মতামতো গ্রহণ কৰিছিল৷ তৎসত্ত্বেও কোনো সাংগঠনিক ভেটি নথকা আঞ্চলিক গণ মর্চাক কংগ্রেছ কর্মীসকলৰ ওপৰত নির্ভৰ কৰি এৰি দিব বিচৰা হৈছে৷’ ইপিনে, সংবাদ মেলত নাথে কয় যে বর্তমান দিছপুৰ সমষ্টিত আঞ্চলিক গণ মর্চাৰ এখনো বুথ কমিটী গঠন কৰা হোৱা নাই৷ তদুপৰি মহাজোঁটৰ অংশীদাৰী দলটোৰ নাই কোনো সমর্থক৷ এনে পৰিস্থিতিত কি কাৰণত দিছপুৰ সমষ্টিক এৰি দিয়া হৈছে বুলি সভাপতি নাথে কয় যে দিছপুৰ দখল কৰিবলৈ লক্ষ্য বান্ধি লোৱা কংগ্রেছ দলে দিছপুৰ সমষ্টিটো কোনো কাৰণত এৰি দিয়া উচিত নহয়৷ একেখন সংবাদ মেলতে নুনমাটি ব্লক কংগ্রেছৰ সভাপতি ৰঞ্জিত শইকীয়ায়ো সমষ্টিটো আঞ্চলিক গণ মর্চাক এৰি দিয়াৰ বিৰোধিতা কৰি কয় যে কংগ্রেছৰ দুর্দিনতো দিছপুৰ সমষ্টিৰ কংগ্রেছ কর্মী আৰু নেতাসকলে দলীয় কাম–কাজ অব্যাহত ৰাখিছে৷ এনে পৰিস্থিতিত অন্তিম মুহূর্তত সমষ্টিটো এৰি দিলে কংগ্রেছ কর্মীসকলে কিদৰে সহায় কৰিব, সেয়া এতিয়াই কোৱাটো টান৷ আজিৰ সংবাদ মেলত চন্দ্রপুৰ ব্লক কংগ্রেছৰ সভানেত্রী বিজু শর্মাও উপস্থিত থাকে৷

You might also like