নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত লকডাউন, বজাৰত দিন-ডকাইতি

খাদ্য–সামগ্রীৰ নাই পর্যাপ্ত যোগানঃ গ্রাহকক মাধমাৰ

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ গুৱাহাটী মহানগৰীৰ আসন্ন লকডাউনৰ পূর্বে ভীষণ অৰাজক হৈ পৰিছে বজাৰ ব্যৱস্থা৷ এহাতে বজাৰত গ্রাহকৰ ব্যাপক ভিৰ, আনহাতে সামগ্রীৰ নাটনি দেখুৱাই ব্যৱসায়ীৰ দিন ডকাইতি৷ ইয়াৰ মাজত ক’তোৱে দেখিবলৈ নাই চৰকাৰ–প্রশাসনৰ উপস্থিতি৷ আকাশলংঘী মূল্যবৃদ্ধিকো পৰোৱা নকৰি বিত্তৱান গ্রাহকসকলে মোনা ভৰাই বজাৰ কৰাৰ বিপৰীতে দীন–দৰিদ্রসকলে খালী হাতেই বজাৰৰ পৰা উভতিবলগীয়া হৈছে৷ পৰৱর্তী ১৪ দিনৰ লকডাউনত ৰাজ্যত এখন ভাৰসাম্যহীন সমাজ সৃষ্টি হোৱাৰ সম্ভাৱনা এইদৰেই স্পষ্ট হৈ পৰিছে৷

উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ পৰিপ্রেক্ষিতত অহা দেওবাৰৰ মধ্যৰাতিৰ পৰা সমগ্র মহানগৰীত বলৱৎ কৰা হৈছে ১৪ দিনীয়া লকডাউন৷ ইয়াৰে প্রথম সাতটা দিনত অত্যন্ত কঠোৰভাৱে লকডাউন কার্যকৰী কৰা হ’ব৷ খোলা নাথাকিব অত্যাৱশ্যকীয় সামগ্রীৰ গেলামাল দোকানো৷ যাৰ বাবে ৰাজ্যৰ স্বাস্থ্য তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহানগৰবাসীক ৭ দিনৰ বাবে আগতীয়াকৈ বজাৰ–সমাৰ কৰিবলৈ আহ্বান জনায়৷ কালি মন্ত্রী ড০ শর্মাৰ সংবাদ মেলৰ পাছতে হিলদল ভাঙি বজাৰলৈ ওলাই আহে সর্বসাধাৰণ ৰাইজ৷

শিথিল কৰি দিয়া হয় পূর্বৰে পৰা বলৱৎ হৈ থকা ১১টা ৱার্ডৰ লকডাউনো৷ ফলত কালিৰে পৰা বজাৰত সৃষ্টি হয় বিৰ দি বাট নোপোৱা অৱস্থাৰ৷ ধোঁৱাচাঙত উঠে সামাজিক দূৰত্ব মানি চলাৰ বিধি৷ ইপিনে, লকডাউনৰ পূর্বে বজাৰত হোৱা ভিৰ দেখি ব্যৱসায়ীসকল নামি পৰে দিন ডকাইতিত৷ মূহূর্তে মুহূর্তে বৃদ্ধি কৰি যায় সামগ্রীৰ দাম৷ শুকুৰবাৰৰ পুৱা প্রতিকিলো ২৫ টকা দৰত বিক্রী হৈ থকা আলুৰ দাম সন্ধিয়া পর্যন্ত হয়গৈ ৫০ টকা৷ ইফালে, প্রতিকিলো ৩০টা দৰৰ পিঁয়াজো কালিৰ দিনটোৰ শেষলৈ ৫০ টকা দামত বিক্রী হয়৷ আজি পুৱাৰে পৰা মহানগৰীৰ বজাৰসমূহত মূল্যবৃদ্ধিৰ প্রতিযোগিতা আৰম্ভ হয়৷ কম সময়ৰ ভিতৰতে আলু–পিঁয়াজৰ দাম প্রতিকেজিত ৭০ টকালৈ বৃদ্ধি পায়৷ এনে ব্যাপক মূল্যবৃদ্ধিৰ মাজতো বিত্তৱান গ্রাহকসকলে প্রয়োজনতকৈ বহু বেছি পৰিমাণৰ আলু–পিঁয়াজ ক্রয় কৰি নিয়ে৷ ফলত দুপৰীয়াৰ পৰাই বজাৰসমূহত আলু–পিঁয়াজৰ নাটনি আৰম্ভ হয়৷

অৱশিষ্ট হিচাপে ৰয়গৈ কিছু গেলা–পচা সামগ্রীহে৷ তাকো দোকানীয়ে অস্বাভাৱিক দৰত গ্রাহকক বিক্রী কৰে৷ আলু–পিঁয়াজৰ সমানে সমানে মূল্যবৃদ্ধি ঘটিল শাক–পাচলিৰো৷ পটল, ভাতকেৰেলা, তিতাকেৰেলা, ভেণ্ডি, গাজৰ কোনো এবিধ পাচলিয়ে প্রতি কেজিত ৮০ টকাতকৈ কম দামত পাবলৈ নাই৷ স্কোৱাছ, তিযঁহ, গাজৰ, বিনৰ দামে কেজিত ১০০ টকা চুইছেগৈ৷ দাইল, চাউলকে ধৰি অন্যান্য সামগ্রীৰ দামো সাধাৰণ ৰাইজে চুব পৰা অৱস্থাত নাই৷ প্রতিকেজি মচুৰ দাইল ১০০ টকা, মগু দাইল ১২০ টকা, বুটৰ দাইল ৮০–৯০ টকা, বুট ৮০ টকা, মগু ১২০ টকা, মটৰ ৮০ টকা দামত বিক্রী হৈছে৷ বজাৰত এতিয়া পাবলৈ নাই কণীও৷ য’ত আছে তাতো ৩০টা কণী থকা প্লেটৰ দাম ৩০০ টকা৷ মাংসৰ দোকানতো জুই–ছাই দাম৷ লোকেল মুর্গী কেজিত ৪৮০ টকা আৰু ব্রইলাৰ ২০০ টকা দাম দি গ্রাহকে ক্রয় কৰিবলগীয়া হৈছে৷

অভাৱনীয় মূল্যবৃদ্ধি সন্দর্ভত ব্যৱসায়ীৰ এটাই উত্তৰ– ফাঁচীবজাৰত বস্তু পাবলৈ নাই৷ কিন্তু ইয়াৰ সত্যাসত্য নিৰূপণৰ দায়িত্বত থকা যোগান বিভাগৰ অস্তিত্ব ক’তোৱে বিচাৰি পোৱা নগ’ল৷ সংবাদ মাধ্যম, সামাজিক মাধ্যমত অত্যাৱশ্যকীয় সামগ্রীৰ জধে–মধে হোৱা মূল্যবৃদ্ধিৰ বিষয়টো অনবৰত চর্চা হৈ থকাৰ পাছতো নিদ্রাৰ পৰা সাৰ নাপালে যোগানমন্ত্রী ফণীভূষণ চৌধুৰীয়ে৷ একপ্রকাৰ সমগ্র বজাৰ ব্যৱস্থাক মুনাফাখোৰ ব্যৱসায়ীৰ হাতত গতাই দিলে অসম চৰকাৰে৷ ইয়াৰ পৰিণতিত মহানগৰীৰ বজাৰত পৰিস্ফুট হ’ল এখন ভাৰসাম্যহীন সমাজৰ ভয়াৱহ প্রতিচ্ছবি৷

বিত্তৱানৰ হাতত দাঙিব নোৱাৰা গধুৰ মোনা আৰু দিনে উপার্জন কৰি দিনে বজাৰ কৰাসকলে কম মূল্যৰ সামগ্রী বিচাৰি ঢ়পলিয়াই ফুৰিল বজাৰৰ ইমূৰৰ পৰা সিমূৰলৈ৷ শেষত মূল্যবৃদ্ধিৰ বোজা দাঙিব নোৱাৰি খালী হাতেই উভতিবলগীয়া হ’ল ঘৰলৈ৷ থাকোঁতে কাইলৈও মহানগৰীৰ দোকান–বজাৰ খোলা থাকিব৷ কিন্তু যদি সঁচাকৈয়ে অত্যাৱশ্যকীয় সামগ্রীৰ নাটনি হৈছে অথবা বজাৰত সামগ্রীৰ দাম নকমে, তেনেহ’লে সর্বসাধাৰণৰ বাবে সাত দিন নহয়, এবেলাৰ জোখাৰে বজাৰ কৰাটোও মস্কিল হৈ পৰিব৷ গুৱাহাটীৰ দৰে একেই পৰিস্থিতি যে অহা কিছুদিনৰ ভিতৰত ৰাজ্যৰ প্রান্তে প্রান্তে সৃষ্টি হ’ব, সেয়া একপ্রকাৰ নিশ্চিত৷ অহা ১৪ দিন মহানগৰীত লকডাউন বলৱৎ হৈ থাকিলে, ইয়াৰ পৰা ৰাজ্যৰ আন প্রান্তলৈ অত্যাৱশ্যকীয় সামগ্রীৰ সৰবৰাহ বন্ধ হৈ পৰিব৷

প্রায় অচল হৈ পৰিব ৰাজ্যৰ ব্যৱস্থা৷ এনে পৰিস্থিতিত আন এক অকল্পনীয় অৱস্থাৰ মুখামুখি হ’ব লাগিব ৰাজ্যৰ আন প্রান্তৰ লোকসকল৷ সঠিক আৰু আগতীয়া পৰিকল্পনাৰ অভাৱ তথা বিভাগসমূহৰ মাজত সমন্বয়হীনতাই এতিয়া ক’ৰোনাৰ সমান্তৰালকৈ ৰাজ্যবাসীক এনেদৰেই অনাকাংক্ষিত দুর্যোগৰ সন্মুখীন কৰাইছে৷

You might also like