দৰিদ্ৰতাক নেওচি জিলিকা ৰহাৰ দীপজ্যোতি মেধি উচ্চ শিক্ষাৰ বাবে থমকিছে আৰ্থিক অভাৱত
নিয়মীয়া বাৰ্তা, ১০ জুন: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হৈছে ৰহা অঞ্চলৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী। দৰিদ্ৰতাক নেওচি মেধাৰ জ্যোতিৰে জিলিকি উঠিছে বহুজন মেধা ছাত্ৰ-ছাত্ৰী। ইয়াৰ ভিতৰত ফুলগুৰি শংকৰদেব শিশু নিকেটনৰ পৰা ৯২ শতাংশ নম্বৰ লাভেৰে নিজৰ লগতে সমগ্ৰ ফুলগুৰি অঞ্চললৈ গৌৰব কঢ়িয়াই আনিছে দীপজ্যোতি মেধিয়ে। পৰীক্ষাৰ ফলাফলত দীপজ্যোতিয়ে অসমীয়া বিষয়ত-৮২ নম্বৰ; ইংৰাজীত-৮৬ ; গণিতত-১০০; বিজ্ঞানত-৯০; সমাজ বিজ্ঞানত-৯৭ আৰু উচ্চ গণিতত লাভ কৰিছে ১০০ নম্বৰ। উল্লেখ্য যে, ধ্ৰুৱ কুমাৰ মেধি আৰু মামনি মেধিৰ পুত্ৰ দীপজ্যোতি মেধিয়ে নিজৰ অধ্যৱসায় আৰু একাগ্ৰতাৰ বলত ৯২ শতাংশ লাভ কৰি বিদ্যালয় তথা অঞ্চলটিলৈ গৌৰব কঢ়িয়াই আনিছে যদিও বৰ্তমান উচ্চ শিক্ষা লাভৰ বাবে থমকি ৰ’ব লগা হৈছে দীপজ্যোতি। ভৱিষ্যতে এজন সু-চিকিৎসক হোৱাৰ সপোনলৈ এখন ভাল শিক্ষানুষ্ঠানত বিজ্ঞান বিভাগত অধ্যয়নৰ দুৰ্বাৰ সপোন থকা দীপজ্যোতি থমকি ৰৈছে আৰ্থিক সমস্যাক লৈ। কাৰণ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি পিতৃ ধ্ৰুৱ কুমাৰ মেধিয়ে আনৰ দোকানত কাম কৰি পৰিয়াল পোহ পালন দিয়ে। তেনেস্থলত বিজ্ঞান বিভাগত অধ্যয়ন কৰিলে পুত্ৰক সময়মতে প্ৰয়োজনীয় সা-সুবিধা কেনেদৰে দিব তাকেলৈ চিন্তিত পিতৃ-মাতৃ দুয়ো। সেয়ে পুত্ৰৰ উচ্চশিক্ষা লাভৰ বাবে চৰকাৰৰ পৰা সহায় বিচাৰিছে পিতৃ ধ্ৰুব মেধিয়ে। সৰুৰে পৰা অত্যন্ত মেধাবী ছাত্ৰ দীপজ্যোতিৰ এনে কৃৰ্তিত্বই পিতৃ-মাতৃ তথা পৰিয়ালৰ লগতে সকলোকে আনন্দিত কৰিছে যদিও পৰৱৰ্তী উচ্চশিক্ষা লাভৰ ক্ষেত্ৰত আৰ্থিক সমস্যাই দীপজ্যোতি মেধিৰ বাবে হেঙাৰ হৈ উঠাত বিমোৰত পৰিছে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকসকল।
প্ৰেৰক ভৱজ্যোতি ডেকা