উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ ব্যাপক সংশোধনৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ সকলো পাঠ্যপুথিত ব্যাপক সংস্কাৰ সাধন কৰা হ’ব৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কর্তৃপক্ষই বৃহস্পতিবাৰে এক উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰে৷ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁইৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সমগ্র পাঠ্যপুথিৰ পুনৰীক্ষণ আৰু বর্ণাশুদ্ধিৰ বাবে ক্ষিপ্রতাৰে উদ্যোগ লোৱাৰ প্রস্তাৱ লোৱা হয়৷ এই বৈঠকতে ২০২২ চনৰ শিক্ষাবর্ষৰ পৰা উচ্চতৰ মাধ্যমিকত থকা বিকল্প ইংৰাজী পাঠ্যক্রমৰ বিলুপ্তিৰ সিদ্ধান্ত লোৱা হয়৷ শিক্ষা সংসদ কার্যালয়ত আজি অনুষ্ঠিত বৈঠকত উচ্চতৰ মাধ্যমিক পাঠ্যক্রমত আধুনিক ভাৰতীয় ভাষাৰ এক সন্নিহিত পাঠ্যসূচী যুগুত কৰাৰ প্রস্তাৱ লোৱা হয়৷ বৈঠকে শিক্ষার্থীসকলৰ মাতৃভাষাত দক্ষতা বৃদ্ধিৰ লগতে মাতৃভাষাৰ ডিটিপি টাইপিং কৰাৰ দক্ষতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য যে শিক্ষা সংসদে ইতিমধ্যে বিহুক পাঠ্যক্রমত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে৷ আজিৰ গুৰুত্বপূর্ণ বৈঠকখনত ব্যৱহাৰিক পাঠদানৰ বিষয়টোক তত্ত্বাৱধানৰ দায়িত্ব জিলাসমূহৰ বিদ্যালয় পৰিদর্শকক অর্পণ কৰাৰ সিদ্ধান্ত লয়৷ বৈঠকত ৰাজ্যৰ বৃত্তিমূলক প্রশিক্ষণ আৰু স্বনিয়োজন সৃষ্টিৰ ক্ষেত্রত এক সুদূৰপ্রসাৰী সিদ্ধান্ত গ্রহণ কৰা হয়৷ সেই অনুসৰি শিক্ষা সংসদৰ বর্তমান বৃত্তিমূলক পাঠ্যক্রমসমূহৰ শীঘ্রেই উন্নীতকৰণ হ’ব৷ ইয়াৰ আধাৰ হ’ব নেচনেল স্কিল কোৱালিফিকেচন ফ্রেম ৱর্ক৷ তদুপৰি বৃত্তিমূলক পাঠ্যক্রমৰ সকলো পাঠ্যপুথি অসমীয়ালৈ অনুবাদ কৰাৰ লগতে স্থানীয় সমল সংযোজনৰ সিদ্ধান্ত গ্রহণ কৰা হয় এই বৈঠকত৷