খেলৰত্ন বঁটাৰ বাবে অসমকন্যা হিমা দাসৰ নাম প্রেৰণ
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে অসমৰ তাৰকা এথলিট হিমা দাসৰ নাম প্রেৰণ কৰিছে অসম চৰকাৰে৷ অসমৰ ক্রীড়া সচিব দুলাল চন্দ্র দাসে যোৱা ৫ জুনত খেলৰত্ন বঁটাৰ বাবে ধিং এক্সপ্রেছ হিমা দাসৰ নাম ক্রীড়া মন্ত্রালয়লৈ প্রেৰণ কৰিছে৷
২০১৮ চনৰ ফিনলেণ্ডৰ টামপেৰেত অনুষ্ঠিত ২০ বছৰ অনূর্ধ্ব বিশ্ব চেম্পিয়নশ্বিপত স্বর্ণপদক জয় কৰি ইতিহাস ৰচিবলৈ সক্ষম হোৱা অসমকন্যা হিমা দাসৰ লগতে ভাৰতীয় দলটোৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মা, তাৰকা পুৰুষ জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রা, টেবুল টেনিছ খেলুৱৈ মণিকা বাট্রা, ভাৰতীয় মহিলা হকী দলটোৰ অধিনায়িকা ৰাণী ৰামপাল আৰু মহিলা মল্লযুঁজাৰু ভিনেশ ফগাটৰো নাম ইতিমধ্যে দেশৰ সর্বোচ্চ ক্রীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে প্রেৰণ কৰিছে৷
মন কৰিবলগীয়া যে এই বঁটাৰ বাবে নাম প্রেৰণ কৰা অসম কন্যা হিমা দাসেই হ’ল কনিষ্ঠ এথলিট৷