নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্য ফেৰৎ বিমানযাত্রীয়ে উলংঘন কৰিছে সামাজিক দূৰত্ব

বৰঝাৰত স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ১২ জুনঃ ক্রমাৎ ক’ৰোনা সংক্রমণে ৰাজ্যত ভয়াৱহ ৰূপ লৈ থকাৰ সময়তো বহিঃৰাজ্যৰ পৰা আগমন অব্যাহত আছে৷ অৱশ্যে যোৱা সময়ছোৱাত ব্যাপক হাৰত ৰে’লেৰে অসমলৈ লোক উভতি আহিছিল যদিও এই সংখ্যা শেহতীয়াকৈ হ্রাস পাইছে৷ ইয়াৰ বিপৰীতে বৃদ্ধি পাবলৈ লৈছে বিমানযাত্রীৰ সংখ্যা৷ যোৱা ২৫ মে’ৰ পৰা এতিয়ালৈ অসমলৈ আহিছে ৩৪ হাজাৰ বিমানযাত্রী৷ ফলস্বৰূপে ৰে’লযাত্রীৰ সমান্তৰালকৈ বিমানযাত্রীয়েও ক’ৰোনাত আক্রান্তৰ সংখ্যা ৰাজ্যত বৃদ্ধি কৰিছে৷ উল্লেখ্য যে বিগত সময়ছোৱাত ৩২০জন বিমানযাত্রী ক’ৰোনাত আক্রান্ত হৈছে৷ বিমানযাত্রীয়ে নমাই অনা এনে শংকাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই আজি বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই বিমানযাত্রীৰ স্বাস্থ্য পৰীক্ষা তথা সামাজিক দূৰত্ব ৰক্ষাৰ দিশটো পর্যবেক্ষণ কৰে৷ বিশেষকৈ যাত্রীসকলৰ শৰীৰৰ উত্তাপ পৰীক্ষা কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা, মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব সন্দর্ভতো বিভিন্ন দিশ পর্যবেক্ষণ কৰে৷ মন কৰিবলগীয়া যে ঘৰুৱা বিমানসেৱা আৰম্ভ হোৱাৰ পাছৰে পৰা বৰঝাৰ বিমানবন্দৰত ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে যাত্রীৰ সংখ্যা৷ প্রতিদিনে বিমানেৰে অসমলৈ আহিছে ২,০০০–২,২০০ যাত্রী৷ কিন্তু যাত্রীৰ এনে সমাগম বৃদ্ধিৰ সময়তে চূড়ান্তভাৱে উলংঘন হৈছে সামাজিক দূৰত্বৰ সকলো নীতি–নিয়ম৷ আনকি বিমানবন্দৰটোত পূর্বৰ দৰে যাত্রীৰ স্বাস্থ্য পৰীক্ষা অথবা ক’ৰোনা প্রতিৰোধৰ ব্যৱস্থা সন্দর্ভত যথেষ্ট শিথিলতা আহিছে৷ এনেবোৰ বিষয়ৰ প্রতি লক্ষ্য ৰাখি আজি বিমানবন্দৰত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রীগৰাকীয়্ এই দিশত কঠোৰ হ’বলৈ বিমান কর্তৃপক্ষক নির্দেশ জাৰি দিয়ে৷ এই সন্দর্ভত মন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয়– ৰে’লযাত্রীৰ বিপৰীতে এতিয়া বিমানযাত্রীৰ সংখ্যা বাঢ়িছে৷ ফলত বিমানযাত্রীৰ মাজতো ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছে৷ গতিকে বিমানবন্দৰত কাম কৰা লোকসকল আক্রান্ত হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে মাস্ক পৰিধান, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব যাতে সঠিকভাৱে নিয়ন্ত্রিত হয়, তাৰ বাবে নির্দেশ দিয়া হৈছে৷ বিমানবন্দৰত প্রতিদিনে ২,২০০ যাত্রীৰ আগমন ঘটা হেতু সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্রত ঠাইৰ অভাৱ হৈছে৷ বিমানবন্দৰ ঠেক হোৱা বাবে এই বিষয়বোৰ সঠিকভাৱে পালন কৰা হোৱা নাই৷ এনে অৱস্থাত কিদৰে সামাজিক দূৰত্ব বজাই ৰাখিব পৰা যায়, সেই সন্দর্ভত আজি আলোচনা কৰা হয়৷ প্রথম অৱস্থাত ৮০০ যাত্রী অহা বিমানবন্দৰটোত সঠিকভাৱে সামাজিক দূৰত্বৰ নীতি–নিয়ম অনুকৰণ হৈছিল যদিও এতিয়া ভিৰৰ বাবে পালন হোৱা নাই৷ বর্তমান গুৱাহাটীলৈ ২৪–২৫খন বিমান নিতৌ আহি আছে৷ ইয়াৰ অধিকাংশ যাত্রীয়েই হ’ল তেজপুৰ আৰু হোজাইৰ৷ এতিয়া আহি থকা যাত্রীসকলক আমি চম্ভালি লৈছোঁ যদিও এই সংখ্যা ৩,০০০লৈ বৃদ্ধি হ’লে সমস্যা সৃষ্টি হ’ব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি বিমানবন্দৰৰ সমীপৰ কিৰণশ্রী হোটেলত কৰি থকা স্বাস্থ্য পৰীক্ষাৰ দিশটোও পর্যবেক্ষণ কৰে৷ ইফালে, গুৱাহাটীত সামাজিক সংক্রমণ আৰম্ভ হোৱা বুলি শেহতীয়াকৈ চলা চর্চা সন্দর্ভত মন্ত্রীগৰাকীয়ে কয়– ১২জন ট্রেভেল হিষ্ট্রী নথকা লোক আক্রান্ত হৈছে৷ এয়া সামাজিক সংক্রমণ নে কি নাজানো৷ কিয়নো সামাজিক সংক্রমণৰ কোনো সূত্র নাই৷ কিন্তু ৰাইজ সাৱধান হ’ব লাগিব৷ সাৱধান হ’লেহে এনে সংক্রমণ ৰোধ কৰিব পৰা যাব৷ তেওঁ ইয়াকো কয়– বর্তমান ৰে’লেৰে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা পূর্বতকৈ যথেষ্ট হ্রাস পাইছে৷ আহিব লগা যাত্রীসকল ইতিমধ্যে অসম আহি পাইছে৷ মাত্র কেৰালাৰ পৰা ২৫ হাজাৰ লোক আহিবলৈ বাকী আছে৷

You might also like