বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তিত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ৫০০ কোটিৰ পেকেজ
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত আজিৰে পৰা ২৭ জানুৱাৰীলৈ অনুষ্ঠিত হৈছে বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠান। আজি গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থকা অনুষ্ঠানটোত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে ৫০০ কোটিৰ পেকেজ ঘোষণা কৰে।
এই পেকেজক গুডউইল পেকেজ ৰূপে ঘোষণা কৰি মন্ত্ৰী ড০ শৰ্মাই কয়- ‘মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছো যে কালি ৰাজ্য চৰকাৰে বিটিআৰৰ ৰাস্তা-ঘাট উন্নয়নৰ বাবে গুডউইল পেকেজ ৫০০ কোটি টকাৰ অনুমোদন দিছে।’
মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘যোৱাটো বিটিআৰ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া অনুযায়ী অহা ৩০ দিনৰ ভিতৰত বাগ্সা আৰু চিৰাঙত নতুন মডেল কলেজ নিৰ্মাণ কাৰ্যত আগবাঢ়িম। নিৰ্বাচনৰ সময়ৰে প্ৰতিশ্ৰুতি মৰ্মে ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা নতুন কেম্পাছ খুলিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছো।’
আনহাতে তামুলপুৰত পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰ কাম অহা ২৯ তাৰিখৰ ভিতৰত আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰে ড০ শৰ্মাই ।