নিমাইজানৰ মে-ডাম-মে-ফিত ড০ হিমন্ত বিশ্ব শৰ্মা, পথ নিৰ্মাণৰ ১৭.৫০ কোটি অনুমোদন
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ আজি তাই-আহোমসকলৰ পৱিত্ৰ দিন মে-ডাম-মে-ফি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ নিমাইজানতো সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় পৱিত্ৰ মে-ডাম-মে-ফি।
পূৰ্বপুৰুষসকলৰে এক আধ্যাত্মিক সম্পৰ্ক স্থাপনৰ তাই-আহোমৰ এই পৱিত্ৰ দিনটোতে আজি নিমাইজানৰ মে-ডাম-মে-ফিত উপস্থিত হয় শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হেলিপেডৰ পৰা অনুষ্ঠান অভিমুখে ড০ শৰ্মাক বিপুল সমাগমেৰে, গায়ন-বায়নৰ মাজেৰে আদৰি অনা হয়।
মাংগলিক অনুষ্ঠানত উপৱিষ্ট হৈ তাই-আহোম ৰীতি অনুসৰি পূৰ্ব-পুৰুষসকলক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে মূল সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে চাওলুং চুকাফা, লাচিত বৰফুকনৰ অৱদানৰ কথা সুঁৱৰি উল্লেখ কৰে যে চুকাফাকে ধৰি অসমত বহুকেইগৰাকী পূৰ্বজে ত্যাগৰ লগতে কষ্ট স্বীকাৰ কৰি জাতি আৰু ৰাজ্যখনৰ বাবে সেৱা আগবঢ়াইছিল, যাৰ পৰিণতি আজি এক বৰ্ণাধ্য অসমীয়া জাতিসত্তা গঠন হৈছিল।
মন্ত্ৰীগৰাকীয়ে লগতে অঞ্চলটোৰ সুচল যাতায়াতৰ বাবে আতন বুঢ়াগোহাঁই পথ, বৰপাত্ৰ আলি, নিমাইজান আলি,দা-ধৰা আলি আৰু দিহিঙীয়া আলি নিৰ্মাণৰ বাবে ১৭.৫০ কোটি টকা অনুমোদন কৰে।