কংগ্রেছৰ নিজৰেই গেৰাণ্টী নাই, ৰাইজক কি গেৰাণ্টী দিব
নিয়মীয়া বার্তা, ২৮ মার্চঃ অহা ১ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ তুংগত উঠিছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে সমষ্টিয়ে সমষ্টিয়ে হাইভ’ল্টেজ প্রচাৰ আৰম্ভ কৰিছে৷ বৰাকত মিত্রজোঁটৰ হৈ ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রচাৰকার্য চলায়৷
কাছাৰ জিলাৰ উদাৰবন্দ, হাইলাকান্দি জিলাৰ কাটিগড়া, কৰিমগঞ্জ জিলাৰ কাটলিচেৰা আৰু ৰাতাবাৰী সমষ্টিত মন্ত্রী ড০ শর্মাই কালি চাৰিখনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰাৰ লগতে কৰিমগঞ্জত এক ৰোড শ্ব’তো অংশগ্রহণ কৰে৷ নির্বাচনী সমাৱেশকেইখনত মন্ত্রী ড০ শর্মাই কংগ্রেছৰ লগতে বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে৷
কংগ্রেছৰ ৫ গেৰাণ্টীক তীব্র কটাক্ষ কৰি মন্ত্রী ড০ শর্মাই কয় যে ভাল কোম্পানীয়ে কেতিয়াও গেৰাণ্টী নিদিয়ে৷ এতিয়া গেৰাণ্টী দিবলৈ অহা কংগ্রেছে যোৱা ৭০ বছৰে কি কৰিলে বুলিও প্রশ্ণ উত্থাপন কৰে৷ কংগ্রেছক পুৰণি ৫০০ টকীয়া নোটৰে তুলনা কৰি তেওঁ কয় যে এতিয়া কংগ্রেছৰ নিজৰেই গেৰাণ্টী নাই, তেওঁলোকে ৰাইজক কি গেৰাণ্টী দিব? সেইদৰে বদৰুদ্দিন আজমলকো তীব্র সমালোচনা কৰি তেওঁ কয় যে আজমলে মহিলাসকলক যিমান পাৰে সিমান সন্তান জন্ম দিয়াৰ অধিকাৰ প্রদানৰ কথা কৈছে৷
মহিলাসকলক তেওঁ সন্তান জন্ম দিয়া মেচিন কৰিব বিচাৰিছে৷ কিন্তু এগৰাকী মহিলাই জানে এটা সন্তান জন্ম দিওঁতে কিমান কষ্ট হয়৷ আজমলে সেই কথা বুজিব নোৱাৰে৷ কিন্তু বিজেপিয়ে মহিলাসকলক শিক্ষিত কৰিব বিচাৰিছে৷ আজমলে আকৌ কৈছে– তেওঁলোকৰ চৰকাৰ আহিলে মাদ্রাছা খোলা হ’ব৷
কিন্তু ৰাইজক মাদ্রাছা লাগে নে মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ লাগে? ভাষণত তেওঁ উন্নয়ন আৰু বিকাশৰ স্বার্থত বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনাই কয় যে কংগ্রেছ চৰকাৰৰ দিনত জনসাধাৰণৰ লুঙি–ধুতী–কম্বল–আঁ দিছিল৷ ৫ বছৰৰ মূৰত এই সামগ্রী দিয়া হৈছিল৷
এই আটাইখিনি সামগ্রীৰ মূল্য এহাজাৰ টকা৷ কিন্তু বিজেপি চৰকাৰে অৰুণোদয় আঁচনি দিছে৷ অৰুণোদয় আঁচনিৰ অধীনত প্রতিমাহে পৰিয়ালসমূহে ৮৩০ টকাকৈ লাভ কৰে৷ বর্তমান প্রতিটো সমষ্টিত ১৬ হাজাৰকৈ পৰিয়ালে অৰুণোদয়ৰ সুবিধা লাভ কৰি আহিছে৷ অনাগত দিনত বাদ পৰি যোৱা গৰিব পৰিয়ালসমূহকো এই আঁচনিত সামৰি লোৱা হ’ব৷ তদুপৰি ৮৩০ টকাৰ পৰিমাণ বৃদ্ধি কৰি তিনি হাজাৰ টকা কৰা হ’ব৷
সেইদৰে বর্তমানৰ চৰকাৰৰ দিনত প্রতিটো পৰিয়ালে বিনামূলীয়াকৈ মাহে ৩৫ কিলোগ্রাম চাউল লাভ কৰি আহিছে৷ কলেজত নামভর্তি বিনামূলীয়া হোৱাৰ লগতে বিনামূলীয়া পাঠ্যপুথিও দিয়া হৈছে৷ ছাত্র–ছাত্রীসকলক শিক্ষানুষ্ঠানলৈ দৈনিক অহা–যোৱাৰ বাবে ১০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ চাহ বাগিচা অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগত উত্তীর্ণ ছাত্রীকো স্কুটী প্রদান কৰা হ’ব৷
তদুুপৰি স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীত অধ্যয়নৰত ছাত্রীকো স্কুটী দিয়া হ’ব৷ মাইক্র’ফাইনেঞ্চৰ পৰা লোৱা ঋণ পৰিশোধৰ দায়িত্ব চৰকাৰে গ্রহণ কৰিব৷ মহিলা আত্মসহায়ক গোটক বর্তমান দি থকা ২৫ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকাৰ পৰিমাণ এক লাখৰ পৰা দুই লাখলৈ বৃদ্ধি কৰা হ’ব৷ যোৱা ৫টা বছৰত বিজেপিয়ে যিধৰণে কাম কৰিলে, আৰু ১০ বছৰ বিজেপি ক্ষমতাত থাকিলে অসমত কোনো সমস্যা নোহোৱা হ’ব৷
চাহ শ্রমিকৰ মজুৰিৰ প্রসংগতো তেওঁ কয় যে অহা দুই মে’ৰ পাছত চাহ শ্রমিকক দৈনিক ৩৫০ টকাকৈ মজুৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ সেইদৰে ২০২২ চনৰ মার্চ মাহৰ ভিতৰত এক লাখ নিবনুৱাক চাকৰি দিয়া হ’ব৷ বৰাক উপত্যকাত উক্ত চাৰিখন নির্বাচনী সমাৱেশৰ পাছত কৰিমগঞ্জ চহৰত মন্ত্রী ড০ শর্মাই হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত এক ৰোড শ্ব’ত অংশগ্রহণ কৰি বিজেপি মিত্রজোঁটৰ হৈ নির্বাচনী প্রচাৰ চলায়৷