যোৰহাটৰ নিজ পঢ়াশালি বাল্য ভৱনত উপস্থিত হৈ আবেগিক ৰোল নাম্বাৰ ১ ড০ হিমন্ত বিশ্ব শৰ্মা
গৌৰবোজ্বল ১৩৮ বছৰীয়া চৰকাৰী বালক বিদ্যালয়ক আদৰ্শ বিদ্যালয় ৰূপে গঢ়াত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰী ডo শৰ্মাৰ
নিয়মীয়া বাৰ্তা ,১৯ আগষ্ট : অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ বাল্যভৱন বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত মত বিনিময় কৰে৷ ১৯৭২ চনতেই নিম্ন শাখাত নিজে পঢ়া বিদ্যালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শৈশৱৰ কথা মনত পেলাই আৱেগিক হৈ পৰে৷ পৰিদৰ্শন কালত শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মোহন, কৃষি মন্ত্ৰী অতুল বৰা,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন ভৰালী,টীয়ক সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱা,যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
ইফালে মাননীয় মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ১৩৮ বছৰীয়া ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰে। ১৮৭৬ চনত স্থাপিত উইলিয়ামছন আৰ্টিজান স্কুল আৰু নগা পাহাৰৰ পৰা স্থানান্তৰিত হোৱা কহিমা হাইস্কুলক সংলগ্ন কৰি ১৮৮৩ চনত এই বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। মুখ্যমন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলা আৰু গৱৰ্নিং বডি অতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে৷ বিদ্যালয়খনৰ আন্ত:গাঁথনিৰ কাৰণে যাৱতীয় খৰছ দিয়াৰ কথা ঘোষণা কৰে৷
উল্লেখ্য যে,ইতিপূৰ্বে ঘোষিত আনটাইড ফাণ্ডৰ ২ কোটি টকাৰ উপৰিও অসম চৰকাৰে অতিৰিক্ত ৩ কোটি টকা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়লৈ আগবঢ়োৱাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে জ্ঞাত কৰে ।