বিটিআৰত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ আজি দিনজোৰা কাৰ্যসূচীৰে বিটিআৰত উপস্থিত হৈছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। প্ৰথম কাৰ্যসূচী ৰূপে চিৰাঙৰ কয়লা-ময়লাত স্থাপন কৰিবলগীয়া চৰকাৰী মডেল কলেজৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।
আদৰ্শ কলেজৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে বি টি আৰৰ প্ৰধান সমস্যা হৈছে যাতায়াত, ভূটানৰ পৰা নামি অহা বানৰ লগতে হোৱা গৰাখহনীয়াৰ তাণ্ডৱ। এই সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিয়া হৈছে। লগতে দৰিদ্ৰ-আৰ্তজনে যাতে উন্নত চিকিতসা পায় তথা নতুন প্ৰজন্মক উপযুক্ত মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ বাবে শিক্ষা-সংস্কৃতি-ক্ৰীড়াত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অহা পাঁচ বছৰৰ ভিতৰত বি টি আৰ অঞ্চলক এখন উন্নত আৰু বিকাশশীল অঞ্চল ৰূপে পৰিগণিত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰে।
ইয়াৰ পিছত বাগসাৰ কুমাৰীকাটা আৰু তামুলপুৰত দুখন আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব শৰ্মাই। আনহাতে বিয়লিৰ ভাগৰ কাৰ্যসূচী ধমধমা-তামুলপুৰ সংযোগী পথত পাগলাদিয়াৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া দলঙৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে।
এই কাৰ্যসূচীৰ পিছত পানেৰী-তামুলপুৰ-ওদালগুৰি পথৰ নিৰ্মাণ কাৰ্যসূচী শুভাৰম্ভ কৰিব। আনহাতে প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ স্থানো আজি পৰিদৰ্শন কৰিব স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই।