নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ ফেব্রুৱাৰীত পুনৰ অসমলৈ প্রধানমন্ত্রী

বিশ্বনাথত মেডিকেল যোৰহাট–মাজুলী দলঙৰ আধাৰশিলা

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ যোৱা ২৩ জানুৱাৰীত শিৱসাগৰত এক লাখ লোকক ভূমিপট্টা প্রদানেৰে বিশাল জনসমাৱেশত ভাগ লোৱা প্রধানমন্ত্রীগৰাকীৰ্ পুনৰ অসম ভ্রমণৰ কার্যসূচীয়ে ৰাজ্যিক বিজেপিৰ লগতে চৰকাৰখনকো উৎসাহিত কৰিছে৷ আগন্তুক নির্বাচনৰ প্রাক্ক্ষণত অতি কম সময়ৰ ভিতৰতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বিতীয়টো অসম ভ্রমণে ৰাজনৈতিক প্রেক্ষাপটতো বিশেষ তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে ৭ ফেব্রুৱাৰীত অসম ভ্রমণ কৰিব লগা প্রধানমন্ত্রী মোদীয়ে যোৰহাট–মাজুলীৰ মাজত প্রস্তাৱিত দলঙৰ ভূমিপূজন কার্যসূচীত অংশ লোৱাৰ লগতে বিশ্বনাথত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব৷

প্রধানমন্ত্রীৰ অসম ভ্রমণ সন্দর্ভত এতিয়াও ৰাজ্য চৰকাৰে কোনো তথ্য প্রকাশ কৰা নাই যদিও প্রধানমন্ত্রীৰ কার্যালয়ে এই কার্যসূচীৰ বাবে চৰকাৰৰ লগতে ৰাজ্যিক বিজেপিৰ সৈতেও আনুষ্ঠানিক যোগাযোগ চলোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে মাজুলীক সংযোগ কৰি যোৰহাটৰ পৰা ব্রহ্মপুত্রৰ ওপৰত এখন দলং নির্মাণৰ কথা ২০১৬ চনত ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছিল৷ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে এই দলংখনৰ নির্মাণকার্য শীঘ্রে আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল৷ ৬৮৭.৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা দলংখনৰ নিবিদাৰ প্রক্রিয়া বিগত বর্ষৰ নৱেম্বৰত সম্পূর্ণ কৰা হৈছে৷ বিৰোধীয়ে যোৰহাট–মাজুলীৰ মাজত হ’ব লগা এই দলঙৰ নির্মাণক লৈ যোৱা সময়ছোৱাক কৰি অহা কটাক্ষ আৰু সমালোচনাৰ প্রত্যুত্তৰ হিচাপে বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই দলংখন নির্মাণ প্রক্রিয়া অতি সোনকালে আৰম্ভ কৰাৰ প্রস্তুতি চলাইছে৷ মুখ্যতঃ এই উদ্দেশ্যে ৭ ফেব্রুৱাৰীত অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত প্রধানমন্ত্রী মোদীৰ অসম ভ্রমণ নিশ্চিতভাৱে চৰকাৰখনৰ লগতে দলৰ বাবেও যথেষ্ট ইতিবাচক বুলি পৰিগণিত হ’ব৷ অৱশ্যে এতিয়াও প্রধানমন্ত্রী কার্যসূচী সন্দর্ভত দল অথবা চৰকাৰে আনুষ্ঠানিকভাৱে কোনো তথ্য প্রকাশ কৰা নাই৷

You might also like