নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈৰ খেলপথাৰৰ বিশাল গণ সমাৱেশত ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাইজৰ বিপুল আদৰণি

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত আজি দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় গণ সমাৱেশ। গণ সমাৱেশত মুখ্য অতিথিৰূপে উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাক সভাস্থলীলৈ বিপুল আদৰণিৰে অগণন জনতাই আদৰি আনে। এক উছৱমুখৰ পৰিৱেশৰ মাজেৰে গণ সমাৱেশৰ মঞ্চত উপৱিষ্ট হোৱা স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰচেষ্টাৰ শলাগ লৈ উল্লেখ কৰে যে গণ সমাৱেশলৈ ৰাভা হাছং এলেকাত বাস কৰা সকলো জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিক সমিতিখনে আমন্ত্ৰণ কৰি আনি শান্তি, সম্প্ৰীতি, প্ৰগতি আৰু সমন্বয়ৰ এক নতুন বাৰ্তা অসমবাসী ৰাইজলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

তেওঁ লগতে কয় যে টংকেশ্বৰ ৰাভাৰ নেতৃত্বত অঞ্চলটোৰ ৰাইজৰ মাজত একতা আৰু ভাতৃত্ববোধৰ চেতনা জাগ্ৰত হোৱাৰ লগতে অবিশ্বাসৰ যি এক ধাৰণা অঞ্চলটোত গঢ় লৈছিল সি বিশ্বাস আৰু সমন্বয়লৈ পৰিৱৰ্তিত হৈছে।

কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৬ চনটো বিজেপিৰ বাবে এটা নিৰ্ণায়ক বছৰ আছিল। কিয়নো জনগণৰ সমস্যাৰ ফালে পিঠি দিয়া কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিয়ে সমাজ ব্যৱস্থাক ধ্বংসৰ ফালে লৈ গৈছিল। কিন্তু এই ক্ষেত্ৰত ৰাভা হাছঙৰ ৰাইজৰ লগতে অসমৰ ৰাইজে পৰিৱৰ্তনৰ বাবে কৰা ইচ্ছাক সাকাৰ ৰূপ দি আজি বিজেপিয়ে অসমৰ চাৰিওফালে উন্নয়নৰ জোৱাৰ আনিছে।

মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ নেতৃত্বত জনগণৰ হিতৰ স্বাৰ্থত লোৱা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে।

আনহাতে ৰাভা হাছং স্বায়ত্ত পৰিষদৰ সাংবিধানিক স্বীকৃতিৰ প্ৰসংগত কয়- ‘টংকেশ্বৰ ৰাভাই আমাক অনুৰোধ কৰিছিল যে আমাৰ অঞ্চলটোক কেপিটেল ৰিজনৰ পৰা আঁতৰাই থব লাগে, আমি বিধানসভাত এইক্ষেত্ৰত থকা আইন সংশোধন কৰি ৰাভা হাছঙক কেপিটেল ৰিজনৰ পৰা আঁতৰাই ৰাখি চৰকাৰী অধিসূচনা প্ৰকাশ কৰিবলৈ সক্ষম হৈছিলো। ইয়াৰ পিছত ৰাভা হাছং স্বায়ত্ত পৰিষদক সাংবিধানিক স্বীকৃতি দিয়াৰ যি প্ৰতিশ্ৰুতি দিযা হৈছিল, এতিয়া ৰাজ্য চৰকাৰে কেবিনেটে সাংবাধানিক স্বীকৃতি দিয়াৰ সিদ্ধান্ত লৈছোঁ।’

উল্লেখ্য, বিশাল গণ সমাৱেশত ৰাভা হাছঙৰ বিভিন্ন দল-সংগঠনৰ লোকৰ উপৰি টংকেশ্বৰ ৰাভা, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ চাৰু মোহন,ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নিপেন খান্দা, পদ্মশ্ৰী বিৰুবালা ৰাভাৰ লগতে বহু নেতা উপস্থিত থাকে।

You might also like