ৰিতুল শইকীয়াৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ১৮ মেঃ লাকুৱাৰ ৰীগৰ পৰা অপহৃত হোৱা অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ ঘৰত মঙলবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । পৰিয়ালৰ লোকক সাক্ষাৎ কৰি অতি সোনকালে ৰিতুল শইকীয়াক উদ্ধাৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ, পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি ৷
উল্লেখ্য যে যোৱা ২১এপ্রিলত বিদ্রোহী সংগঠনটোৱে লাকুৱাৰ পৰা অপহৰণ কৰে অ’ এন জি চিৰ তিনিগৰাকী কর্মচাৰী অলকেশ শইকীয়া, মোহিনী মোহন গগৈ আৰু ৰিতুল শইকীয়াক৷ ইয়াৰ পাছত ২৪ এপ্রিলত আছাম ৰাইফলছ, সেনা আৰু নাগালেণ্ড আৰক্ষীৰ সহযোগত অভিযান চলাই অসম আৰক্ষীয়ে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ অভিযানৰ সময়ছোৱাত নাগালেণ্ডৰ মন জিলাত দুয়োপক্ষৰ মাজত প্রচণ্ড সংঘর্ষও সংঘটিত হয়৷ বাকী দুজন উদ্ধাৰ হৈছে যদিও এতিয়াও ৰিতুল শইকীয়া উদ্ধাৰ হোৱা নাই।