ব্যস্ততাৰ মাজতো ড০ হিমন্ত বিশ্ব শর্মাৰ মহানুভৱতা জামুগুৰিৰ অসুস্থ আইতা পদ্মা গগৈৰ হাতত গুঁজি দিলে নগদ ধন
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ ক’ভিড–১৯ৰ যুঁজখনত প্রথম শাৰীত থাকি দিন–ৰাতি একাকাৰ কৰি শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি চিকিৎসালয়ে চিকিৎসালয়ে পৰিস্থিতি তদাৰক কৰা মন্ত্রী ড০ শর্মাৰ মহানুভৱতাৰ আন এখন ছবি আজি ফুটি উঠিল শিৱসাগৰত৷ দিনজোৰা কার্যসূচীৰে শিৱসাগৰত উপস্থিত হোৱা মন্ত্রী ড০ শর্মাই শিক্ষক সমাজৰ এক অনুষ্ঠানত ভাগ লৈ আকস্মিকভাৱে পৰিদর্শন কৰিবলৈ উপস্থিত হৈছিল বৰপুখুৰীৰ পাৰত থকা তাই যাদুঘৰ কেন্দ্রত৷ চৌপাশে আৰক্ষী–চি আৰ পি এফৰ কটকটীয়া নিৰাপত্তা আবেষ্টনীৰ মাজত তাই যাদুঘৰৰ পদূলিত লেকেচিয়াই লেকেচিয়াই আহে এগৰাকী বৃদ্ধা৷ বাঁওহাতত এটা ছাতি আৰু সোঁহাতত বেণ্ডেজ মেৰিয়াই থোৱা আইতাগৰাকী আহিছিল জাঁজী জামুগুৰি অঞ্চলৰ পৰা৷ পদ্মা গগৈ নামৰ আইতাগৰাকীয়ে টিভিতহে দেখিছিল হেনো চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি ফুৰা মন্ত্রী ড০ শর্মাক৷ ৰাজনীতি–সমাজনীতি, দল–সংগঠন একো বুজি নোপোৱা আইতাক যিকোনো প্রকাৰে লাগে মন্ত্রী ড০ শর্মাৰ সাক্ষাৎ৷ উদ্দেশ্য যিকোনো প্রকাৰে নিজৰ ভগা বেণ্ডেজ মেৰিওৱা হাতখন হেনো মন্ত্রী ড০ শর্মাক দেখুৱাব৷ অৱশেষত কঠোৰ নিৰাপত্তা বেষ্টনী ভেদি গাড়ীত উঠাৰ প্রাক্ক্ষণত মন্ত্রী ড০ শর্মাৰ সন্মুখত থিয় হ’লগৈ আইতা পদ্মা গগৈ৷ সকলোকে আচৰিত কৰি মন্ত্রী ড০ শর্মাই একেকোবে আইতাৰ কাষ চাপি বুজ ল’লে মনৰ কথাৰ৷ একাণপতীয়াকৈ শুনিলে আইতাৰ দুর্দশাৰ কাহিনী৷ লগে লগেই মন্ত্রীগৰাকীয়ে আইতাক চিকিৎসকৰ পৰামর্শ লোৱাৰ অনুৰোধ জনায়৷ অতি ব্যস্ততাৰ মাজতো মন্ত্রীগৰাকীয়ে আইতাৰ হাতত গুঁজি দিলে কিছু পৰিমাণৰ নগদ ধন৷ আপাত দৃষ্টিত তেনেই সাধাৰণ যেন লগা এই কথাষাৰেই যেন আজি বহু প্রশ্নৰ উত্তৰ এৰি থৈ গ’ল শিৱসাগৰত৷ স্বাস্থ্য, শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্রী হিচাপে অসমৰ চাৰে তিনি কোটি নাগৰিকৰ নেতৃত্ব বহন কৰা ড০ শর্মাই এগৰাকী আইতাৰ মনৰ বুজ লৈ হাতত নগদ ধন গুঁজি দিয়া ঘটনা নিঃসন্দেহে এক প্রশংসনীয় আৰু আদৰণীয় বুলি মন্তব্য কৰিছে শিৱসাগৰৰ ৰাইজে৷