নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ হ’ব নেকি কলেজ, উচ্চ-উচ্চতৰ মাধ্যমিক বিদ্যালয়? কি ক’লে স্বাস্থ্যমন্ত্ৰীয়ে?

নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ  অসমত কৰোনাক্ৰান্ত লোকৰ সংখ্যা ক্ৰমে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি এশ ক’ভিড ৰোগী থকা জিলাসমূহত বন্ধ কৰি দিয়া হৈছে প্ৰাথমমিক বিদ্যালয়সমূহ।

অৱশ্যে মহাবিদ্যালয়, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয়—আমি দুটা নিৰ্দেশ দিছোঁ—এশ য’ত য’ত ক’ভিড ৰোগী আছে, তাত প্ৰাথমিক বিদ্যালয় বন্ধ হ’ব। ৰোগীৰ সংখ্যা যদি এশতকৈ বাঢ়িছে, তেন্তে উচ্চ, উচ্চতৰ মাধ্যমিক আৰু কলেজসমূহ ৫০ শতাংশ উপস্থিতিৰে চলিব।

২ মে’লৈ এই নিৰ্দেশনা বাহাল থাকিব। ২ মে’ৰ পাছক পৰিস্থিতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায় ড০ শৰ্মাই।

You might also like