কুইপোৰ দুই অপহৃত বিষয়াৰ প্ৰসংগত আলফা স্বাধীনলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ আলফাৰ হাতত বন্দী হৈ থকা কুইপো কোম্পানীৰ দুই বিষয়া ক্ৰমে প্ৰণৱ গগৈ আৰু ৰাম কুমাৰক লৈ আলফাই প্ৰকাশ কৰি আছে বিভিন্ন বিবৃতি। আলফাই কুইপো কোম্পানীৰ ভুলৰ বাবে দুই বিষয়াই অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ’ব লাগিব বুলি শেহতীয়াকৈ প্ৰকাশ কৰিছে আন এক বিবৃতি।
কিন্তু ইয়াৰ মাজতে আজি মে-ডাম-মে-ফি উপলক্ষে শিৱসাগৰত উপস্থিত হোৱা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ব্যক্ত কৰে নিজ অভিমত।
সাংবাদিকে বিষয়া দুগৰাকী সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে আলফালৈ আহ্বান জনায় কয়- ‘আমি আলফা স্বাধীনক আজি মে-ডাম-মে-ফি অনুষ্ঠানৰ মাজৰ পৰা আহ্বান জনাইছোঁ যে প্ৰণৱ গগৈ ডাঙৰীয়াক আপোনালোকে মুক্ত কৰি দিয়ক। লগতে আনগৰাকী ব্যক্তিকো মুকলি কৰি দিয়ক। কাৰণ তেওঁলোক সৰু কৰ্মচাৰী। তেওঁলোকক ৰাখি থ’লে কাৰো বিশেষ লাভ নহ’ব। মই ভাবো যে পৰেশ বৰুৱা ডাঙৰীয়া য’তেই আছে, ৰাইজৰ কথা শুনা উচিত আৰু অচিৰেই মুক্ত কৰি দিয়া উচিত।’