কংগ্ৰেছে আজমলক অসমীয়াৰ বৰঘৰত বহুৱাবলৈ কৰাৰ চেষ্টাক বিফল কৰিব লাগিবঃ ড০ শৰ্মা
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ “অসমৰ আমি জাতি, মাটি, ভেটি ৰক্ষা কৰিম। আজি সেই সংকল্পৰে আমি আগুৱাই গৈ আছো। কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক অসমৰ বৰঘৰলৈ লৈ আহিব বিচাৰে। কংগ্ৰেছ দলে অসমৰ শাসন ব্যৱস্থাক আজমলৰ দৰে ব্যক্তিক গতাই দিব পাৰে। আমাৰ সভ্যতাৰ ওপৰত তেওঁলোকে আক্ৰমণ চলাব বিচাৰে। গতিকে আমি এই কথাবিলাক মনত ৰাখিব লাগিব।”-আজি মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে এই উদাত্ত ভাষণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
ইপিনে নিৰ্বাচনত ভোট দিয়াৰ পূৰ্বে প্ৰতিজন অসমীয়ালৈ এইদৰে আহ্বান জনাই মন্ত্ৰী ড০ শৰ্মাই কয় যে নিৰ্বাচনৰ ভোট দিয়াৰ আগতে প্ৰতিজন অসমীয়াই মনত ৰাখিব লাগিব যে বৰঘৰত আমি মিঞা মিউজিয়াম বনাবলৈ দিব নোৱাৰো। প্ৰতিজন অসমীয়া যুৱকে ভোট দিয়াৰ আগতে চিন্তা কৰিব লাগিব, লাখ লাখ টকাত আকৌ চাকৰি কিনিব লাগিব নেকি?
নিজৰ সভ্যতা, সংস্কৃতি, সুৰক্ষাৰ বাবে আকৌ এবাৰ আমি মাৰ বান্ধি থিয় দিব লাগিব বুলিও নিজৰ উদাত্ত ভাষণত মন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে।