ড০ হিমন্ত বিশ্ব শর্মালৈ দয়ালকৃষ্ণ বৰা স্মাৰক ব্রহ্মপুত্র উপত্যকা সমাজহিতৈষী বঁটা
নিয়মীয়া বার্তা, ৩০ জুনঃ মৰিগাঁৱৰ অগ্রণী স্বেচ্ছাসেৱী সংগঠন ‘সহায়’–এ প্রতিবছৰে আগবঢ়াই অহা দয়ালকৃষ্ণ বৰা স্মাৰক ব্রহ্মপুত্র উপত্যকা সমাজহিতৈষী বঁটা ২০২০ বর্ষৰ বাবে আগবঢ়োৱা হৈছে শিক্ষা, বিত্ত, স্বাস্থ্য, গড়কাপ্ঢানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ৷
মৰিগাঁৱত এই কথা সদৰী কৰিছে ‘সহায়’ৰ সভাপতি ৰাজু মহন্ত আৰু সম্পাদক প্রদীপ হাজৰিকাই৷ তেওঁলোকে জনাইছে যে মহামাৰী ক’ৰোনাৰ ভয়াৱহতাৰ মাজতো নিজৰ জীৱনক তুচ্ছ কৰি স্বাস্থ্যমন্ত্রী হিচাপে নিজৰ দায়িত্ব আৰু কর্তব্য পালন কৰাৰ লগতে অসমৰ ৰাইজক সুৰক্ষিত কৰি ৰাখিবলৈ ড০ শর্মাই চলোৱা আপ্রাণ প্রচেষ্টাৰ প্রতি সন্মান জনাই তেওঁলৈ আগবঢ়োৱা হৈছে এই বঁটা৷ সম্প্রতি ক’ৰোনা মহামাৰীৰ সংক্রমণ অব্যাহত থকাৰ পৰিপ্রেক্ষিতত এই বঁটা বছৰটোৰ শেষৰফালে আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব৷ ইয়াৰ পূর্বে এই বঁটা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকা, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্রনাথ চক্রৱর্তীক প্রদান কৰা হৈছিল৷