নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ বৰপেটাত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰে ১০০খন বিছনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়। এই চিকিৎসালয়ে এই শিশু-মাতৃসকলৰ অসুবিধাসমূহ দূৰ কৰিব। প্ৰায় ২৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগা এই চিকিৎসালয়ে প্ৰসূতিৰ লগতে শিশুৰ মৃত্যুৰ হাৰ কমাব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।
তেওঁ লগতে বৰপেটা স্নাতক মহাবিদ্যালয়ৰো শিলান্যাস স্থাপন কৰাৰ লগতে নতুন আদৰ্শ কন্যা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। পথ নিৰ্মাণ আৰু মথাউৰি নিৰ্মাণকাৰ্যৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। এয়া ৰাজনীতিৰ বাবে নহয় মানৱতাৰ উৰ্ধ্বত আমি কাম কৰিছো। ৰাইজৰ বাবে কাম কৰাৰ মানসৰে আমি এই আঁচনিবোৰ লৈ আগবাঢ়িছো বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।