মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ সুখবৰ
কি কি ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহাবিদ্যালয়ত অধ্যয়ণৰত শিক্ষাৰ্থীৰ বাবে ১৫০০টকা আৰু বিশ্ববিদ্যালয়ত পঢ়া শিক্ষাৰ্থীয়ে পাব ২০০০টকাকৈ। শিক্ষাৰ্থীসকলে নিজৰ খৰচ বহন কৰাৰ লগতে কিতাপ-পত্ৰ কিনাত সুবিধা হোৱাৰ বাবে এই সিদ্ধান্ত।
২০২০ বৰ্ষটো ক’ভিডৰ বাবে আমাৰ বাবে অতি বেয়া আছিল যাৰবাবে আমি বহুকেইখন আঁচনি কাম ভালদৰে কৰিব নোৱাৰিলো। শিক্ষাৰ্থীসকলে যাতে নিজৰ খৰচটো মাক-দেউতাকৰ পৰা আনিবলগীয়া নহয় তাৰবাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি শিৱসাগৰত মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
লগতে প্ৰতিদিনে শ্ৰেণীকোঠাত ক্লাছ কৰা স্কুল-কলেজৰ শিক্ষাৰ্থীৰ একাউণ্টত এশ টকাকৈ দিয়াৰ পৰিকল্পনা আছে বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।