নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SI কেলেংকাৰীৰ তদন্তৰ আওঁতাৰ পৰা কোনো সাৰি নাযায়ঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ SI কেলেংকাৰীৰ তদন্তৰ আওঁতাৰ পৰা কোনো সাৰি নাযায়। SI কেলেংকাৰীৰ তদন্তৰ আওঁতাৰ পৰা কোনো সাৰি নাযায়। তেওঁ কয় যে ইয়াত কোনোধৰণৰ ৰাজনৈতিক কথা নাই। আৰক্ষীয়ে যদি SPক গ্ৰেপ্তাৰ কৰিব পাৰিছে তেন্তে বাকীসকলকো এৰি নিদিয়ে বুলি শিবসাগৰত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে SP কুমাৰ সঞ্জিত কৃষ্ণক। আজি আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক। ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল কুমাৰ সঞ্জিত কৃষ্ণই। পৰীক্ষাৰ আগতেই প্ৰশ্নকাকতৰ টোপোলা খুলি বিক্ৰী কৰিছিল ৪০ লাখ টকাত। কুমাৰ সঞ্জিত কৃষ্ণই বিক্ৰী কৰা প্ৰশ্নকাকতৰ ফটো তুলি আনিছিল ৰুবুল হাজৰিকা আৰু দিবন ডেকাই। গুৱাহাটীত আগতীয়াকৈ পৰীক্ষা পাতিছিল দুয়োটা দালালে।

আৰক্ষীৰ অনুসন্ধানত আৰু বহু কাহিনী পোহৰলৈ অহাৰ আশংকা কৰা হৈছে।

You might also like