নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছচিয়েল মিডিয়াত ‘চৰ্চিত’ হিন্দী গীতৰ ভিডিঅ’ আপলোড কৰি বহিষ্কৃত কৰিমগঞ্জৰ শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ : বিদ্যালয়ৰ শ্ৰেণীকোঠাত হিন্দী গীতৰ ছন্দত ভিডিঅ’ বনোৱা আৰু পিছত এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড কৰি কৰ্তৃপক্ষৰ ৰোষত পৰিল আঠজন ছাত্ৰ। এই আঠজন ছাত্ৰ-ছাত্ৰীক স্কুলৰ পৰা বৰ্খাস্ত কৰা হৈছে। স্কুল বা কলেজৰ ইউনিফৰ্ম পিন্ধা ছাত্ৰ-ছাত্ৰীৰ টিকটকৰ সৈতে আন যিকোনো ভিডিঅ’কোনো ধৰণে ফেব্ৰিকেচন সহ্য কৰা নহ’ব। আৰু ইউনিফৰ্ম পিন্ধি ভিডিঅ’ বনোৱা বিষয়টো বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী বহিষ্কাৰ হ’বলগীয়া হৈছে। কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বাৰৈগ্ৰামৰ জাফৰগড় একষ্টেন্ড হায়ায় মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। অধ্যক্ষ দেৱাশীষ সেনে এই বিষয়ে কয় যে, বিষয়টো পোহৰলৈ অহাৰ পিছত কৰ্তৃপক্ষৰ সৈতে জৰুৰী বৈঠকত মিলিত হয়। আৰু সভাত সৰ্বসন্মতিক্ৰমে ভিডিঅ’ নিৰ্মাণ কৰা আঠজন ছাত্ৰ-ছাত্ৰীক তৎকালীনভাৱে বহিষ্কাৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰি সিদ্ধান্ত লোৱা হয়। এই ভিডিঅ’সমূহ যদি ছ’চিয়েল মিডিয়াৰ জৰিয়তে আপলোড কৰা হয় তেন্তে পঞ্চাশ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব বুলিও সিদ্ধান্ত লোৱা হয়।মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়াকৈ এনে নিৰ্দেশ জাৰি কৰিছিল৷ কিন্তু বিদ্যালয়খনৰ আঠজন ছাত্ৰ-ছাত্ৰীয়ে এটা হিন্দী গীতৰ সৈতে স্কুলৰ শ্ৰেণীকোঠাৰ ভিতৰত ভিডিঅ’ বনাইছিল। আৰু এই ভিডিঅ’টো এজন ছাত্ৰই ফেচবুকত আপলোড কৰিলে। আৰু ভিডিঅ’টো নিমিষতে ভাইৰেল হৈ পৰে। কিন্তু জেষ্ঠ্য নাগৰিকে ভিডিঅ’টোক ভালদৰে গ্ৰহণ কৰা নাছিল। বিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ সেনে কয় যে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ নিয়ম উলংঘা কৰি ভিডিঅ’টো বনাইছে আৰু ফেচবুকত আপলোড কৰিছে। ভৱিষ্যতে আন যিকোনো ছাত্ৰ-ছাত্ৰীয়ে এনে ঘটনা কৰিবলৈ যাতে সাহস নেপায়, ইয়াৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বিদ্যালয় কৰ্তৃপক্ষই।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like