নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু-মুছলমানে ভাতৃত্ববোধৰ এনাজৰীডাল সৱল কৰি ৰখাৰ প্ৰয়াস, চামতাৰ মছজিদত সমূহীয়া ইফটাৰত বহিল শতাধিক হিন্দু

নিয়মীয়া বার্তা, চামতা, ১৮ এপ্রিলঃ হিন্দু-মুছলমানৰ এনাজৰীডালৰ ঐক্য-সংহতি পুনৰবাৰ প্ৰতিয়মান কৰিলে পশ্চিম নলবাৰীবাসীয়ে৷ কালি চামতাস্থিত কেন্দ্ৰীয় মছজিদত কেন্দ্ৰীয় মছজিদ পৰিচালনা সমিতিয়ে আয়োজন কৰা সমূহীয়া ইফটাৰ কাৰ্যসূচীত পশ্চিম নলবাৰী অঞ্চলৰ দুই শতাধিক গণ্য-মান্য হিন্দু ব্যক্তিয়ে ইছলামধৰ্মী লোকসকলৰ লগত মছজিদত বহি একেলগে ইফটাৰ কৰে৷ নলবাৰী জিলাৰ শিক্ষা-সংস্কৃতিত অতি আগবঢ়া পশ্চিম নলবাৰী অঞ্চলত যুগ যুগ ধৰি হিন্দু-মুছলমানে ভাতৃত্ববোধৰ এনাজৰীডাল সৱল কৰি বসবাস কৰি আহিছে৷ কোনো অপশক্তিয়ে আজিলৈকে এই ভাতৃত্বৰ এনাজৰী চিঙিব পৰা নাই। সমূহীয়া ইফটাৰ কাৰ্যসূচীত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ, চামতা আঞ্চলিক ক্ৰীড়া সংঘ, চামতা মটৰষ্টেণ্ড বজাৰ পৰিচালনা সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে পাঁচ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে৷ বিশেষকৈ বেলশৰৰ ঐতিহাসিক শৈৱপীঠ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰ, মিলন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ ইব্ৰাহীম আলি, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মা, বিজেপিৰ নলবাৰী জিলা সমিতিৰ সম্পাদক পুলক কুমাৰ শৰ্মা, বিশিষ্ট কণ্ঠশিল্পী উমেশ দত্ত, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰনাথ বৰ্মন, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবৰ ৰহমান,  বিশিষ্ট সমাজকৰ্মী মইনুল আলী, বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমণি শৰ্মা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক আৰু সভাপতি, ২৫ নং ৰূপিয়াবাথান গাওঁ পঞ্চায়তৰ সভাপতি ৰানু বৰ্মন উপস্থিতি থাকে ৷
You might also like