নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈ-একাংশ ৰাজনৈতিক দল মুছলমান তুষ্টিত ব্যস্ত : হিন্দু যুৱ-ছাত্র

বিশেষ বাৰ্তা, ১১ জুলাই : বিধানসভা নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনেই হওক একাংশ ৰাজনৈতিক দলে মুছলমানৰ তুষ্টিকৰণত ব্যস্ত হৈ পৰে। অখিল গগৈৰ দৰে ধূৰ্ত নেতা আৰু একাংশ ৰাজনৈতিক দলে দুকাষে বাংলাদেশীক  লগত লৈ মুছলমানৰ ত্ৰাণকৰ্তা হৈ পৰে। এনে দল তথা ধূৰ্ত নেতাৰ কৰ্মকাণ্ডৰ বাবে হিন্দু যুৱ ছাত্র পৰিষদে বিজেপিক সমৰ্থন দিয়াৰ গত্যন্তৰ নোহোৱা হৈ পৰে। দৰাচলতে হিন্দু যুৱ ছাত্র পৰিষদ বিজেপিৰ বি টীম নহয়। আজি লখিমপুৰত এখন সংবাদ মেলত সাংবাদিকৰ প্ৰশ্ন ৰ উত্তৰ দি সংগঠনটোৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্যই এইদৰে কয়। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশত সমান নাগৰিক বিধি প্রণয়ন কৰাৰ বাবে লোৱা পদক্ষেপক হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে আদৰণি জনাইছে বুলি প্ৰকাশ কৰি সংবাদ মেল খনত তেওঁ কয়- বহুত পলমকৈ হলেও নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে এনে ধৰণে লোৱা পদক্ষেপক আদৰণীয়। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলেন বৈশ্যই কয় যে ২০১৪ চনতে তদানীন্তন কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ হাতত অৰ্পন কৰা ১৪ চৈধ্য দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰৰ অন্যতম দাবী আছিল অসমৰ লগতে সমগ্ৰ দেশতে সমান নাগৰিক বিধি (ইউনিফর্ম চিভিল কর্ড) প্ৰণয়নৰ ব্যৱস্থা শীঘ্ৰে কৰিব লাগে। কিন্তু এনেকুৱা এটা গুৰুত্বপূর্ণ বিষয় ইমান দিনে অবহেলিত হৈ থকাতো অতিকৈ হতাশজনক বুলিও বৈশ্যই মন্তব্য কৰে। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদ মেল সম্বোধন কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই উপস্থিত সাংবাদিকৰ আগত এনেদৰে নিজৰ মন্তব্য প্রকাশ কৰি কয় যে এক দেশ এক সংবিধান আৰু এক আইন সমগ্ৰ দেশৰ নাগৰিকৰ বাবে হ’বই লাগিব। একেখন দেশতে এখন সংবিধান থকাৰ পিছতো পৃথক ধৰ্মৰ আইনৰ দ্বাৰা ধৰ্মীয় লোকসকল পৰিচালিত হোৱাৰ কোনো অর্থই থাকিব নোৱাৰে বুলিও সংবাদ মেলখনত সংগঠনটোৰ নেতাগৰাকীয়ে উল্লেখ কৰে। একেখন সংবাদ মেলতে পৰিষদৰ সভাপতিগৰাকীয়ে লগতে কয় যে ধৰ্মনিৰপেক্ষ সংবিধানৰ জৰিয়তে পৰিচালিত হোৱা দেশ এখনত মুছলমান লোক সকলে শ্বৰীয়‍ত আইনেৰে নিজৰ ধৰ্মীয় লোকসকল পৰিচালিত হোৱাটো সংবিধান অবমাননা কৰায়েই নহয় ই দেশৰ অখণ্ডতাৰ বাবেও এক প্ৰত্যাহ্বান। এই আইনেৰে নিজক পৰিচালিত হোৱা ইছলাম ধৰ্মীয়লোকসকলে ইছলামৰ নামত দেশৰ ভূমি দাবী কৰাতো পথ প্রকট হয় বুলিও সভাপতি বৈশ্যই উল্লেখ কৰে। কংগ্ৰেছৰ মুছলমান তুষ্টিকৰণ নীতিৰ বাবেই ধৰ্মনিৰপেক্ষ দেশ এখনৰ সাংবিধানিক অৱমাননা কৰি ধৰ্মীয় আইনেৰে ইছলাম লোকসকল পৰিচালিত হ’বলৈ সক্ষম হৈ আছে বুলিও বৈশ্যই সাংবাদিকৰ আগত ক্ষোভ উজাৰে। তেওঁ কংগ্রেছৰ লগতে এইক্ষেত্ৰত বিধায়ক অখিল গগৈকো সমালোচনা কৰে। সংবাদ মেলত হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, সাধাৰণ সম্পাদক মাধৱ দাস, কেন্দ্রীয় কার্যনির্বাহক বিটুমণি গগৈ, লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ঘনকান্ত বৰাসহ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
You might also like