নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোষ্ট ক’ভিডত মৃত্যু ইতিহাসবিদ বিপিন বর্মনৰ

কোচ ৰাজবংশী জনগোষ্ঠীৰ পুৰোধা

নিয়মীয়া বাৰ্তা ৩ জুনঃ আজীৱন বামপন্থী, কোচ ৰাজবংশী জনগোষ্ঠীৰ পুৰোধা ব্যক্তি, ইতিহাসবিদ, প্রবীণ সমাজকর্মী বিপিন বর্মন আৰু নাই৷ ক’ভিডত আক্রান্ত হৈ অৱশেষত ৮০ বছৰ বয়সত নিয়তিৰ ওচৰত হাৰ মানিলে কোকৰাঝাৰ চহৰৰ হাদানপাৰা নিৱাসী বিপিন বর্মন৷ প্রাপ্ত বাতৰি অনুসৰি কোকৰাঝাৰ চহৰৰ হাদানপাৰা নিৱাসী বিপিন বর্মন ক’ভিড–১৯ত আক্রান্ত হোৱাত কোকৰাঝাৰ ৰূপনাথ ব্রহ্ম অসামৰিক চিকিৎসালয়ৰ ক’ভিড চেণ্টাৰত ভর্তি হয়৷

কেইবাদিনো চিকিৎসাৰ অন্তত কিছু পৰিমাণে সুস্থ হৈ উঠাত কালি বিয়লিৰ ভাগত চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ ঘৰলৈ যায় যদিও ঘৰ গৈ পোৱাৰ পাছতে পুনৰ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ হালুৱাদলত জন্মগ্রহণ কৰা বিপিন বর্মন আজীৱন বামপন্থী মতাদর্শত অটল হৈ আছিল আৰু সেইসূত্রে ছোভিয়েট ৰাছিয়াকে ধৰি বিশ্বৰ কেইবাখনো দেশ ভ্রমণ কৰিছিল৷

পেছাত কৃষি বিভাগৰ অৱসৰপ্রাপ্ত কর্মচাৰী বিপিন বর্মন কোচ–ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা আৰু বিভিন্ন সমাজ–সংগঠনৰ লগত ওতপ্রোতভাৱে জডিত থকাৰ উপৰি এগৰাকী ইতিহাসবিদ হিচাপে পৰিচিত আছিল৷ মৃত্যুৰ পূর্বে তিনি কন্যা সন্তানৰ লগতে অজস্র গুণমুগ্ধক এৰি থৈ যায় বিপিন বর্মনে৷ ইপিনে কোচ ৰাজবংশী জনগোষ্ঠীৰ পুৰোধা নেতা বিপিন বর্মনৰ মৃত্যুত কেইবাটাও দল–সংগঠনে শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ কোচ ৰাজবংশী কালচাৰেল ছ’চাইটীৰ সভাপতি আৰু সম্পাদক ক্রমে বুদ্ধেশ্বৰ ৰায় আৰু দ্বীপপুঞ্জ ৰায়, আক্রাছুৰ কোকৰাঝাৰ টাউন কমিটীৰ সভাপতি পূর্বজ্যোতি ৰায়, কোচ–ৰাজবংশী সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক সঞ্জীৱ সিংহ, আক্রাছুৰ সভাপতি অৰুণ ৰায়, কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বর্মন, কে এ চিৰ কার্যবাহী সদস্য জীৱেশ ৰায়, সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ আদিকে ধৰি বহু দল–সংগঠনে বিপিন বর্মনৰ বিয়োগত শোক প্রকাশ কৰি বিপিন বর্মনৰ মৃত্যু কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷
সদৌ কোচ ৰাজবংশী ছাত্র সন্থাৰ শোক
কোচ ৰাজবংশী জনগোষ্ঠীৰ এগৰাকী আপোচহীন লেখক, সু–সাহিত্যিক কোকৰাঝাৰ নিৱাসী বিপিন বর্মনৰ মৃত্যুত সদৌ কোচ ৰাজবংশী ছাত্র সন্থাই (আক্রাছু) গভীৰ শোক প্রকাশ কৰে৷ আক্রাছুৰ সভাপতি অৰুণ ৰায় আৰু ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়ে আজি এক প্রেছ বার্তাত কয়– কোচ ৰাজবংশী জাতিয়ে এগৰাকী অভিভাৱকক হেৰুৱালে৷ প্রবন্ধকাৰ–কোচ ৰাজবংশী জাতিৰ সেৱক বর্মনৰ মৃত্যু জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি৷ তেওঁৰ মৃত্যুত আমি আক্রাছুৰ প্রতিজন সংগ্রামীয়েই মর্মাহত হৈছোঁ৷ প্রয়াত বর্মনৰ মৃত্যুত আক্রাছুৱে গভীৰ শোক প্রকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে৷ লগতে শোকসন্তপ্ত পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন কৰে৷
কোচ ৰাজবংশী সন্মিলনীৰ শোক
অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা বিপিন বর্মনৰ মৃত্যুত শোক প্রকাশ কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশীয়ে৷ কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা গভীৰ শোক প্রকাশ কৰে আৰু তেখেতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বুলি সন্মিলনীৰ সাঃ সম্পাদক হিমু ৰাজবংশীয়ে জানিবলৈ দিয়ে৷

You might also like